টি-২০ বিশ্বকাপৰ পিছত কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক?

Share This Article

টি-২০ বিশ্বকাপৰ পাছতে বিৰাট কোহলীয়ে এৰিব ভাৰতীয় টি-২০ ক্ৰিকেট দলৰ নেতৃত্ব। অধিনায়ক হিচাপে এইটোৱে হ’ব কোহলীৰ অন্তিম টি-২০ বিশ্বকাপ। কোহলীয়ে ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। অৱশ্যে কোহলীয়ে অধিনায়ক পদ এৰিলেও দেশৰ খেলি যাব টি-২০।
ভাৰতে ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব যদিও প্ৰতিযোগিতাখনৰ পিছত ভাৰতৰ টি-২০ দলক কোনে নেতৃত্ব প্ৰদান কৰিব তাক লৈ চৰ্চা আৰম্ভ হৈছে।
এই ধৰণৰ চৰ্চা চলি থকাৰ মাজতে BCCIৰ এজন বিষয়াই কয় যে টি-২০ বিশ্বকাপৰ পিছত ভাৰতীয় দলক নেতৃত্ব দিব ৰোহিত শৰ্মাই। বিষয়াজনে ইনছাইডস্পোৰ্টছক এটা সাক্ষাতকাৰত কয় যে বিশ্বকাপৰ পিছত ভাৰতীয় টি-২০ দলৰ অধিনায়ক হ’ব ৰোহিত শৰ্মা। কিন্তু প্ৰতিযোগিতাৰ শেষতহে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব।
উল্লেখ্য যে ৰোহিত শৰ্মা এতিয়া ভাৰতীয় দলৰ উপ-অধিনায়ক। অৱশ্যে ৰোহিত শৰ্মা অধিনায়ক হোৱাৰ পিছত উপ-অধিনায়ক কোন হ’ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই বুলিও জানিবলৈ দিয়ে ব’ৰ্ডৰ বিষয়াজনে। ব’ৰ্ডৰ আন এক সূত্ৰ অনুসৰি টি-২০ দলৰ উপ-অধিনায়কৰ দায়িত্ব কে এল ৰাহুলক দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে এই ক্ষেত্ৰতো বিশ্বকাপৰ পিছতেই চূড়ান্ত সিদ্ধান্ত ল’ব ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.