মমতাৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক হিমন্তৰ ‘অৰুণোদয়’ৰে প্ৰত্যাহ্বান

Share This Article

পশ্চিমবংগত এতিয়া লক্ষ্মী ভাণ্ডাৰ বনাম অৰুণোদয়ৰ যুঁজ ৷ মমতা বেনাৰ্জীৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক এইবাৰ পশ্চিমবংগ বিজেপিয়ে কাউন্টাৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ ‘অৰুণোদয়’ আঁচনিৰে ৷

তৃতীয়বাৰৰ বাবে পশ্চিমবংগত ক্ষমতালৈ অহা মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰে পশ্চিমবংগত আৰম্ভ কৰিবলৈ লৈছে লক্ষ্মী ভাণ্ডাৰ শীৰ্ষক এখন নতুন আঁচনি ৷ এই আঁচনিখনক লৈ পশ্চিমবংগৰ জনসাধাৰণৰ মাজত ইতিমধ্যে ব্যাপক আগ্ৰহ সৃষ্টি হৈছে ৷বংগৰ বিজেপিয়ে এনে পৰিস্থিতিৰ মোকাবিলা কৰিছে অসমৰ ‘অৰুণোদয়’ আঁচনিৰে ৷বংগ বিজেপিৰ মতে মমতা চৰকাৰতকৈও ভাল আঁচনি অসমত চলাই আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৷ আঁচনিখন হ’ল ‘অৰুণোদয়’ ৷

শুকুৰবাৰে অসম চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এলানি নতুন ঘোষণা কৰে ৷ ইয়াৰ ভিতৰত আছে ‘অৰুণোদয়’ আঁচনিৰ মাহিলী ভাট্টা ১০০০ টকালৈ বৃদ্ধি ৷ ইয়াৰ পূৰ্বে এই আঁচনিৰ জড়িয়তে দৰিদ্ৰ মহিলাসকলে মাহে ৮৩০ টকাকৈ লাভ কৰি আহিছিল ৷ ২০২০ চনৰ অক্টোবৰ মাহৰ পৰাই অসমত চলি আহিছে ‘অৰুণোদয়’ আঁচনি ৷ তেতিয়া অসমৰ বিত্তমন্ত্ৰী আছিল ড: হিমন্ত বিশ্ব শৰ্মা ৷

এতিয়া পশ্চিমবংগত মমতা বেনাৰ্জীয়ে লক্ষ্মী ভাণ্ডাৰ আঁচনি ৰূপায়ন কৰিবলৈ ওলোৱাৰ লগে লগে ‘অৰুণোদয়’ আঁচনিৰ উদাহৰণেৰে সোচ্চাৰ হৈ উঠিছে বংগ বিজেপিৰ নেতৃত্ব ৷মমতা বেনাৰ্জীৰ লক্ষ্মী ভাণ্ডাৰ আঁচনি অনুসৰি গৃহিনীসকলে প্ৰতিমাহে ৫০০ টকাকৈ লাভ কৰিব ৷ পিছপৰা জাতি আৰু জনজাতিৰ ক্ষেত্ৰত এই অনুদানৰ পৰিমান হ’ব মাহিলি ১০০০ টকা ৷ তদুপৰি ২৫ ৰপৰা ৬০ বছৰ বয়সৰ মহিলাই আৰ্থিক প্ৰয়োজন হ’লে ধন বিচাৰি এই আঁচনিৰ অধীনত আবেদনো কৰিব পাৰিব ৷ কিন্তু স্থায়ী বেতন বা পেঞ্চন পোৱা ব্যক্তিৰ পত্নীয়ে এই আঁচনিৰ সুবিধা লাভ নকৰিব ৷

মমতা বেনাৰ্জীয়ে এই আঁচনি ঘোষণা কৰাৰ পাছতেই পশ্চিমবংগ বিজেপিয়ে ইয়াৰ মোকাবিলা কৰিবলৈ ৰণকৌশল যুগুতাই উলিয়াইছে ৷ এই কৌশল অনুসৰি লক্ষ্মী ভাণ্ডাৰৰ বিপৰীতে জনসাধাৰণৰ সন্মুখত দাঙি ধৰা হ’ব অসমৰ ‘অৰুণোদয়’ আঁচনিৰ উদাহৰণ ৷ বংগ বিজেপিৰ সাধাৰণ সম্পাদক সায়ন্তন বসুয়ে কয় যে বিজেপি শাসিত কোনো ৰাজ্যৰ প্ৰকল্পৰ লগত লক্ষ্মী ভাণ্ডাৰ আঁচনিৰ তুলনা নহয় ৷ আকাশ আৰু পাতাল পাৰ্থক্য আছে ৷ বংগৰ এই আঁচনি তৃণমূলৰ দলীয় নেতাসকলৰ ধন ঘটাৰ আহিলা বুলিও বিজেপি নেতাগৰাকীয়ে কটাক্ষ কৰে ৷

বিজেপিৰ এনে আক্ৰমণৰ প্ৰত্যুত্তৰ দি তৃণমূলৰ মুখপাত্ৰ তাপস ৰায়ে কৈছে যে বংগত মমতা বেনাৰ্জীয়ে বিভিন্ন আঁচনিৰ মাধ্যমেৰে সাধাৰণ মানুহক যিমানবোৰ সুবিধা দিছে , তাৰ কোনো নজিৰ অতীতত পাবলৈ নাই ৷ কেন্দ্ৰীয় চৰকাৰৰো ইমান প্ৰকল্প নাই ৷গতিকে বিজেপিয়ে কি প্ৰচাৰ কৰে সেয়া বিচাৰ্য বিষয় নহয় ৷

এনেদৰেই এতিয়া পশ্চিমবংগত মমতা বেনাৰ্জীৰ ‘লক্ষ্মী ভাণ্ডাৰ’ বনাম হিমন্ত বিশ্ব শৰ্মাৰ ‘অৰুণোদয়’ হৈ পৰিছে প্ৰধান ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.