কিয় বিৰোধী মুখ্যমন্ত্ৰীৰে বৈঠকৰ আহ্বান জনাইছে ছোনিয়া গান্ধীয়ে ?

Share This Article

কংগ্ৰেছ আৰু সহযোগী দলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে শুকুৰবাৰে এক বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ৷ বিয়লি ৪ বজাত ভাৰ্ছুয়েল মাধ্যমত অনুষ্ঠিত হ’ব এই বৈঠকখন ৷ বিৰোধী শাসিত ৰাজ্যসমূহক বিভিন্ন ধৰণে বঞ্চিত কৰিছে নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৷ এই ইছ্যুক লৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সৰৱ হোৱাৰ প্ৰস্তুতি চলাইছে ৷ এই লৈয়ে কংগ্ৰেছ আৰু সহযোগী দলৰ মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হ’ব ছোনিয়া গান্ধী ৷

ৰাজ্যত কংগ্ৰেছৰ বিৰোধী হোৱা  স্বত্বেও বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৷ মমতা বেনাৰ্জীয়ে শেহতীয়া দিল্লী ভ্ৰমণত ছোনিয়া গান্ধীকো সাক্ষাৎ কৰিছিল ৷ তাৰ পাছৰে পৰা দেশৰ বিৰোধী ৰাজনীতিত আৰম্ভ হৈছিল নতুন ৰসায়ন ৷ কংগ্ৰেছ সভানেত্ৰীয়ে আহ্বান জনোৱা বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.