বিৰোধীৰ বৈঠক : ছোনিয়া গান্ধীয়ে প্ৰথমবাৰৰ বাবে কি ডাঙৰ আহ্বান জনালে ?

Share This Article

লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী দলসমূহে ৷ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ আ্হ্বানমৰ্মে শুকুৰবাৰে ১৯ বিৰোধী দলৰ নেতাৰ এখন ভাৰ্ছুয়েল বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত টি এম চি , এন চি পি , ডি এম কে , শিৱসেনা , জে এম এম , চি পি আই , চি পি আই (এম) , এন চি , আৰ জে ডি আদি দলৰ নেতা উপস্থিত থাকে ৷ লক্ষ্যণীয়ভাৱে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ প্ৰতিনিধিয়েও এই বৈঠকত ভাগ লয় ৷ বৈঠকত ছোনিয়া গান্ধীয়ে সকলো বিৰোধী দলৰ নেতাক বিজেপিৰ বিৰুদ্ধে একগোট হ’বলৈ আহ্বান জনায় ৷ তেও কয় যে কেৱল সংসদতেই নহয় , সংসদৰ বাহিৰতো বিৰোধী দলসমূহ একগোট হ’ব লাগিব ৷

বহুজন সমাজ পাৰ্টী এই বৈঠকত উপস্থিত নথকাৰ বিপৰীতে আম আদমী পাৰ্টীয়ে নিমন্ত্ৰণ লাভ নকৰিলে ৷

প্ৰথমবাৰৰ বাবে নিজ মুখেৰে সকলো বিৰোধী দলক ঐক্যৱদ্ধ হোএাৰ আ্হ্বান জনাই ছোনিয়া গান্ধীয়ে কয়-‘ ৰাষ্ট্ৰৰ হিতৰ বাবে ২০২৪ ৰ লোকসভা নিৰ্বাচনত সকলো বিৰোধী দল একগোট হ’ব লাগিব ৷ সংসদত বিৰোধী দলসমূহ একগোট হোৱা বাবেই অ; বি চি বিধেয়কত সংশোধনী আনিবলগীয়া হ’ল ৷কিন্তু কেৱল সংসদৰ ভিতৰতে নহয় , সংসদৰ বাহিৰতো বিৰোধী দলসমূহ একগোট হ’ব লাগিব ৷’ চৰকাৰৰ আকোৰগোজ মনোভাৱৰ বাবে সংসদৰ বৰ্ষাকালীন অধিৱেশন চলিবলৈ নাপালে বুলিও তেও মন্তব্য কৰে ৷

ছোনিয়া গান্ধীৰ মতে সংসদত আগলৈও বিৰোধী এনেদৰে একগোট হৈ থকাতো জৰুৰী ৷ কিন্তু তাতকৈও জৰুৰী হৈছে ২০২৪ ৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ বাবে সকলো বিৰোধী দল একগোট হৈ ৰণকৌশল তৈয়াৰ কৰিব লাগিব ৷দলসমূহৰ মাজত মতানৈক্য থাকিলেও দেশৰ হিতৰ বাবেই সকলো এক হোৱাৰ সময় আহি পৰিছে ৷ সকলো বিৰোধী দলক এখন মঞ্চলৈ অনাত কংগ্ৰেছে চেষ্টাৰ  ত্ৰুটি নকৰে বুলিও তেও মন্তব্য কৰে ৷

বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে , পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী , এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰেও অংশ লয় ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.