মাওবাদীৰ আক্ৰমণত ক’ত নিহত হ’ল ২ জোৱান ?

Share This Article

ছট্টিছগড়ত পুণৰ মাওবাদীৰ ভয়াবহ আক্ৰমণত নিহত হ’ল আই টি বি পিৰ দুজন জোৱান ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছট্টিছগড়ৰ নাৰায়নপুৰ জিলাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷ মাওবাদীৰ আক্ৰমণত নিহত হোৱা জোৱান দুগৰাকীৰ ভিতৰত এগৰাকী হ’ল সহকাৰী কামাণ্ডেন্ট সুধাকৰ সিন্ধে ৷

আই টি বি পিৰ ৪৫ নং বেটেলিয়নৰ সমীপত মাওবাদীৰ এটা সৰু গোটে অতৰ্কিতে গুলীচালনা আৰম্ভ কৰে ৷ ঘটনা সংঘটিত কৰাৰ পাছত মাওবাদীৰ দলটোৱে এটা  এ কে ৪৭ ৰাইফল , দুটা বুলেট প্ৰুফ জেকেট আৰু এটা ৱায়াৰলেছ ছেট লুট কৰি নিয়ে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.