‘লাভ জিহাদ’ : গুজৰাট উচ্চ ন্যায়ালয়ে কি ক’লে ?

বিবাহ আৰু ধৰ্মান্তকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে গুজৰাট উচ্চ ন্যায়ালয়ে ৷ গুজৰাটৰ ধাৰ্মিক স্বতন্ত্ৰতা(সংশোধনী) আইন ,২০০১ক  প্ৰত্যা্হ্বান জনাই দাখিল কৰা দুখন আবেদন সন্দৰ্ভত ৰায়দান কৰি বৃহস্পতিবাৰে ন্যায়ালয়ে কয় যে দুটা পৃথক ধৰ্মৰ ব্যক্তিৰ উভয়ৰ সন্মতিত হোৱা বিবাহক বলপূৰ্বক ধৰ্মান্তকৰণৰ ৰূপ দিব নোৱাৰি ৷

গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিক্ৰম নাথ অৰু ন্যায়াধীশ বীৰেন বৈষ্ণৱৰ বিচাৰপীঠে অন্তৰ্ৱৰ্তীকালীন ৰায়দান এইদৰে কয়-‘ পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত এই আইনৰ ধাৰা ৩ ,৪ ,৪(এ)ৰ পৰা ৫ , ৬ আৰু  ৬(এ)লৈ কঠোৰভাৱে এইবাবেই প্ৰযোজ্য নহ’ব যে এটা ধৰ্মৰ ব্যক্তিয়ে যদি আন এটা ধৰ্মৰ ব্যক্তিক প্ৰলোভন , ভয়- ভাবুকি নিদিয়াকৈ বিয়া কৰায় , তেনেহ’লে এয়া আইন বিৰুদ্ধ ধৰ্মান্তকৰণৰ উদ্দেশ্যে কৰা বুলি ক’ব পৰা নাযাব ৷’

এই সংশোধনী আইন বিগত ১ জুনৰ পৰা প্ৰযোজ্য হৈছিল আৰু উক্ত ধাৰাসমূহৰ অধীনত ৩ টা গোচৰ ৰুজু কৰা হৈছিল ৷

ধাৰা ৪(এ) অনুসৰি আইনবিৰুদ্ধ ধৰ্মান্তকৰণৰ বাবে ৩ ৰ পৰা ৫ বছৰৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা আছে ৷

ধাৰা ৪ (চি) আইনবিৰুদ্ধ ধৰ্মান্তকৰণ কৰা সংগঠনৰ ক্ষেত্ৰত প্ৰযোজ্য ৷

ধাৰা ৬ (এ) য়ে অভিযুক্তৰ ওপৰত সাক্ষীৰ হেঁচা প্ৰয়োগ কৰে ৷

আদালতৰ মতে এই ধাৰাসমূহ সন্মতিসূচক অন্তৰ্ধাৰ্মিক বিবাহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ৷

ধাৰ্মিক স্বতন্ত্ৰতা (সংশোধনী) আইনে ব্যক্তি স্বাধীনতা , ধাৰ্মিক স্বতন্ত্ৰতা আদিৰ ওপৰত আঘাত হানিছে বুলি অভিহিত কৰি উচ্চ ন্যায়ালয়ত দুখন আবেদন দাখিল কৰা হৈছে ৷লাভ জেহাদৰ দৰে প্ৰসংগই সঘনে বিতৰ্কৰ সৃষ্টি কৰাৰ সময়ত গুজৰাট উচ্চ ন্যায়ালয়ৰ এই ৰায়দান যথেষ্ট গুৰুত্বপূৰ্ণ ৷

 

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296