তালিবানৰ সৈতে ভাৰতৰ কথা হৈছে নেকি ? কি ক’লে জয়শংকৰে ?

Share This Article

আফগানিস্তানত তালিবানৰ চৰকাৰক ভাৰতে স্বীকৃতি দিবনে ? এই লৈ কৌতুহলত আছে সমগ্ৰ ভাৰতবাসী ৷ তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ নিউ্য়ৰ্কত বৃহস্পতিবাৰে সাংবাদিকৰ আগত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়-‘এই মুহূৰ্তত আমি কাবুলৰ পৰিস্থিতি নীৰিক্ষণ কৰি আছো ৷ যিহেতু তালিবানে কাবুলৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিছে , গতিকে আমি তেওলোকৰ লগত কথা পাতিব লাগিব ৷কিন্তু আফগানিস্তানৰ জনগণৰ লগত আমাৰ সম্পৰ্ক পূৰ্বৰ দৰেই থাকিব ৷’

জয়শংকৰে আৰু কয়-‘আমাৰ প্ৰথম লক্ষ্য হ’ল আফগানিস্তানত থকা ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰা আৰু তেওলোকক সুকলমে ঘূৰাই অনা ৷’

তালিবানৰ সৈতে কথা – বতৰা এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে বুলি জয়শংকৰে জানিবলৈ দিয়ে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.