সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানৰ সৈতে ভাৰতৰ কথা হৈছে নেকি ? কি ক’লে জয়শংকৰে ?

আফগানিস্তানত তালিবানৰ চৰকাৰক ভাৰতে স্বীকৃতি দিবনে ? এই লৈ কৌতুহলত আছে সমগ্ৰ ভাৰতবাসী ৷ তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ নিউ্য়ৰ্কত বৃহস্পতিবাৰে সাংবাদিকৰ আগত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়-‘এই মুহূৰ্তত আমি কাবুলৰ পৰিস্থিতি নীৰিক্ষণ কৰি আছো ৷ যিহেতু তালিবানে কাবুলৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিছে , গতিকে আমি তেওলোকৰ লগত কথা পাতিব লাগিব ৷কিন্তু আফগানিস্তানৰ জনগণৰ লগত আমাৰ সম্পৰ্ক পূৰ্বৰ দৰেই থাকিব ৷’

জয়শংকৰে আৰু কয়-‘আমাৰ প্ৰথম লক্ষ্য হ’ল আফগানিস্তানত থকা ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰা আৰু তেওলোকক সুকলমে ঘূৰাই অনা ৷’

- Donation -

তালিবানৰ সৈতে কথা – বতৰা এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে বুলি জয়শংকৰে জানিবলৈ দিয়ে ৷

 

Leave A Reply

Your email address will not be published.