শশীকলাৰ ‘নিৰ্দেশ’ত হত্যা জয়াললিতাক?

Share This Article

জয়াললিতাৰ মৃত্যু ‘অস্বাভাৱিক’ ! প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুত হাত শশীকলাৰ?AIADMK ৰ বহিস্কৃত নেত্ৰী শশীকলাই ইতিমধ্যে সকলোধৰণৰ তদন্তৰ মুখামুখি হ’বলৈ সাজু বুলি উল্লেখ কৰিছে। আৰুমুৰ্ঘস্বামী সমিতিয়ে শেহতীয়াকৈ দাখিল কৰা প্ৰতিবেদনত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ হত্যাৰ লগত জড়িত থকাৰ অভিযোগ তুলিছে শশীকলাৰ বিৰুদ্ধে।সমিতিয়ে আনকি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ বাবে শশীকলাৰ লগতে আন ৩ গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে।অৱশ্যে এই সমিতিৰ প্ৰতিবেদনৰ পিছত শশীকলাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় “ মই এই অভিযোগক বিৰাট ডাঙৰ কিবা বুলি ভবা নাই।এইটো মোৰ বাবে নতুন কথা নহয়।মোক ৰাজনৈতিকভাৱে দুৰ্বল কৰিবলৈ যথেষ্ট পদক্ষেপ লৈ আহিছে।কিন্তু মোৰ দুখ লাগে যে তেওঁলোকে আমাৰ মৰমৰ আম্মাৰ মৃত্যুটো বিতৰ্কিত কৰি তুলিছে।জয়াললিতা আৰু মই একে মাতৃৰ সন্তান নাছিলোঁ কিন্তু আমি নিজৰ ভগ্নীৰ দৰেই আছিলোঁ।আমাৰ সম্বন্ধ আছিল আছিল ঘনিষ্ঠ বন্ধুত্বৰ শ্ৰেষ্ঠ উদাহৰণ।আমি তেনেকৈয়ে জীৱনটো পাৰ কৰিছিলোঁ।”

“এতিয়া তেওঁলোকে নতুন আয়োগ গঠন কৰিছে।তেওঁলোকে যিমান বাৰ মোৰ পৰীক্ষা লয় লওক,সঁচা কথাটো সলনি নহয়।আমাৰ আম্মাৰ মৃত্যুক লৈ কোনো সন্দেহ কৰিবলগীয়া নাই।মই কেতিয়াও জয়াললিতাৰ চিকিৎসাৰ বিষয়টোত হস্তক্ষেপ কৰা নাছিলোঁ।মই চিকিৎসা শাস্ত্ৰ পঢ়া নাই।এপ’লো হস্পিতালো এনেকুৱা হস্পিতেল নহয় যে তেওঁলোকে মোক সুধি ঔষধ দিব।মই মোৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ নস্যাৎ কৰিছোঁ এই অভিযোগৰ লগত জড়িত প্ৰতিটো তদন্তৰ সন্মুখীন হ’বলৈ সাজু আছোঁ”- এনেদৰে কয় শশীকলাই।আৰুমুঘস্বামী তদন্ত সমিতিয়ে শশীকলা,শশীকলাৰ চিকিৎসক কে.এছ.শিৱকুমাৰ আৰু স্বাস্থ্য সচিব ৰাধাকৃষ্ণণ,সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী চি বিজয়ভাস্কৰৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে।এই আয়োগে মুখ্যমন্ত্ৰী জে জয়ললিতাৰ ২০১৬ চনৰ ২২ছেপ্তেম্বৰৰ পৰা ৫ ডিচেম্বৰৰ সময়চোৱাৰ স্বাস্থ্যৰ সম্পূৰ্ণ তথ্য দাখিল কৰাটো বিচাৰিছে ।উল্লেখযোগ্য যে এইমছৰ তৰফৰ পৰা জয়াললিতাৰ চিকিৎসা সম্পৰ্কত বিগত আগষ্ট মাহত তথ্য প্ৰকাশ কৰা হৈছিল য’ত “ এই চিকিৎসা শুদ্ধ আৰু কোনো ভুল নাছিল” বুলি প্ৰকাশ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.