চাৰ্জিকেল ষ্ট্ৰাইকৰ নায়কক আম আদমী পাৰ্টীয়ে বনালে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

Share This Article

নিৰ্বাচনৰ বহু আগতেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৷ মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী গৈছিল উত্তৰাখণ্ডলৈ ৷ তাতেই তেও উত্তৰাখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷
উত্তৰাখণ্ডত আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব কৰ্ণেল অজয় কোঠিয়াল ৷
কৰ্ণেল কোঠিয়াল ২০০৩ চনত ভাৰতীয় সেনাৰ মেজৰ পদত আছিল ৷ সেই বছৰৰে ১২ মে’ত তেওৰ নেতৃত্বত পুলৱামাত সেনাই চলাইছিল এক চাৰ্জিকেল ষ্ট্ৰাইক ৷ চাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত মেজৰ কোঠিয়াল আহত হয় যদিও সাতজন সন্ত্ৰাসবাদী নিহত হয় ৷
উত্তৰাখণ্ডত অৰবিন্দ কেজৰিৱালে আম আদমী পাৰ্টী শাসনলৈ আহিলে ৩০০ ইউনিট বিজুলী মাফ , ২৪ ঘন্টা বিজুলী যোগানৰ প্ৰতিশ্ৰুতি দিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.