কাৰো কথা কোনেও নুশুনে বিজেপিত?

Share This Article

দুৰ্ঘোৰ অমানিশা নামিছে বিজেপিৰ !বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল অতচ্ছে দিনৰ কিন্তু এতিয়া দলটোৰ নিজৰেই চলিছে বেয়া দিন। শৃংখলাবদ্ধ বিজেপি দলত শেহতীয়াকৈ দেখা গৈছে ভয়ানক বিশৃংখলতা। প্ৰধানমন্ত্ৰী মোডী,অমিত শ্বাহৰ কথাকো কেৰেপ নকৰা হৈছে বিজেপিৰ নেতা-কৰ্মীয়ে।প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লাগে সপ্তমবাৰৰল বাবে গুজৰাটৰ শাসন।কিন্তু গুজৰাটৰ ১২ টা সমষ্টিত আৰম্ভ হৈছে বিসম্বাদীৰ বিদ্ৰোহ। প্ৰথম খন প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পিছতে বিজেপিৰ নিজৰ প্ৰাৰ্থীৰ মাজতে লাগিছে তয়াময়া ৰণ। মুঠ ১৮২ খন আসনৰ ১৬৬ খনৰ বাবে প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিলে বিজেপিয়ে। মুঠ ৪২ জন বৰ্তমানৰ বিধায়কে লাভ নকৰিলে টিকেট। নতুন প্ৰাৰ্থীৰ লগতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সকলক প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত অধিক অগ্ৰাধিকাৰ দিয়া হৈছে বিজেপিত। বৰ্তমানৰ ভূপেন্দ্ৰ পেটেল মন্ত্ৰীসভাৰ ৫ গৰাকী মন্ত্ৰীয়েও লাভ কৰা নাই প্ৰাৰ্থিত্ব।বিগত বুধবাৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল।কিন্তু তাৰ আগতেই গান্ধীনগৰত অৱস্থিত ‘ শ্ৰী কমলম ‘ ত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত প্ৰাৰ্থীৰ সমৰ্থকে লগাইছে হাহাকাৰ।আহমেদাবাদ ,চুৰাটৰ ৰাজপথত কেৱল বিজেপি বিৰোধী শ্লোগান বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মতে জয়ী হোৱাৰ আশা থকা সকলকহে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।কেৱল গুজৰাটতে নহয়,হিমাচল প্ৰদেশতো একে পৰিৱেশৰ সৃষ্টি হৈছে।প্ৰাৰ্থিত্ব নোপোৱা প্ৰাৰ্থীক আনকি প্ৰধানমন্ত্ৰী মোডীয়েও সৈমান কৰিব নোৱাৰিলে হিমাচলত।হিমাচল প্ৰদেশত মুঠ ২১গৰাকী বিদ্ৰোহী নেতাই নিৰ্দলীয় হিচাপে নিৰ্বাচনী যুঁজত নামিছে। দুয়োখন ৰাজ্যত প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ মাজত হোৱা মতভেদে দলটোক যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত কৰিব যে সেয়া নিশ্চিত।সাধাৰণতে বিজেপিক শৃংখলাবদ্ধ দল বুলিয়েই জনা যায় আৰু শীৰ্ষ নেতৃত্বৰ আদেশ মানি লোৱাটো দলটোৰ এক পৰম্পৰা।কিন্তু এইবাৰ গুজৰাট আৰু হিমাচল প্ৰদেশত ইয়াৰ বিপৰীত ছবিহে দেখা পোৱা গ’ল। অৱশ্যে অহা ৮ ডিচেম্বৰৰ ফলাফলেহে ক’ব বিজেপিৰ অন্তৰ্ন্দন্দ্বৰ প্ৰকৃত প্ৰতিচ্ছবিখন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.