‘কৰাপচন’,’কমিচন’,’ক্ৰিমিনেল’ৰ ৰাজত্ব গুজৰাটত ?

Share This Article

‘কৰাপচন,কমিচন ,ক্ৰিমিনেলাইজেছন চলিছে গুজৰাটত !’ মৰবী দলঙেই গুজৰাটৰ দুৰ্নীতি,অপৰাধী আৰু পাৰ্চেণ্টে জত কাম চলাৰ উৎকৃষ্ট উদাহৰণ !এই অভিযোগবোৰ আমাৰ নহয়,এই অভিযোগ হ’ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিগ্বিজয় সিঙৰ।“মৰবী দলং নিৰ্মাণ কৰা কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীক প্ৰায় দুই শতাধিক লোকৰ মৃত্যু হোৱাৰ পিছতো গ্ৰেপ্তাৰ কৰা নাই কাৰণ তেওঁ হ’ল মোডীৰ ৰক্ষক ”-এনেদৰে মন্তব্য দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে।মৰবীৰ ঘটনাৰ দিনটো স্মৰণ কৰি দ্বিগবিজয় সিঙে কয় “ মই সেইদিনা ভোজত আছিলোঁ৷মই ঘটনাটোৰ পিছতেই তাত উপস্থিত হৈছিলোঁগৈ ।আশ্চৰ্যকৰ বিষয় এয়ে যে মাত্ৰ ৪ কিলোমিটাৰ নিলগত আছিল বিজেপিৰ সভা৷কিন্তু সন্ধিয়া ৭-৩০ বজালৈকে তেওঁলোক তাত উপস্থিত নোহোৱাতো সঁচাকৈয়ে গৰিহণা যোগ্য।”

“ এতিয়ালৈকে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী গৰাকীক গ্ৰেপ্তাৰ নকৰাতো আচৰিত কথা নহয়নে?তেওঁৰ নামটো এফআইআৰত কিয় নাই? বিজেপিয়ে যে গুজৰাটত কমিছন,ক্ৰিমিনেলাইজেশ্যন আৰু কৰাপচনক প্ৰশ্ৰয় দিছে ,ইয়াতকৈ উৎকৃষ্ট প্ৰমাণ লাগে জানো”-পুনৰ এনেদৰে প্ৰশ্ন কৰে দ্বিগবিজয় সিঙে।উল্লেখযোগ্য যে বিগত ৩০ অক্টোবৰত মৰবীত ওলমা দলং ভাঙি এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছিল৷উক্ত দুৰ্ঘটনাত চৰকাৰীভাৱে ১৩৪ জন আৰু বেচৰকাৰী তথ্যত প্ৰায় ১৯৩ গৰাকী লোকৰ মৃত্যু হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.