PPE kit কেলেংকাৰী এইবাৰ কেৰালাত !

Share This Article

দেশৰ ‘সফল’ স্বাস্থ্য মন্ত্ৰীলৈ জাননী । অসমৰ দৰে কেৰালাতো হৈছিল নেকি PP E kit কেলেংকাৰী?

ক’ভিড আৰু কেলেংকাৰী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। অসমত ক’ভিডৰ সময়ত সংঘটিত পিপিইকিট ক্ৰয়ৰ কেলেংকাৰীৰ ভয়ানক কেলেংকাৰীৰ তথ্য ফাদিল কৰিছিল দ্যা ক্ৰছ কাৰেণ্টে।এইবাৰ সেই একেই পিপি কিট কেলেংকাৰীৰ অভিযোগ কেৰালাৰ স্বাস্থ্য মন্ত্ৰীৰ বিৰুদ্ধে।কেৰালাৰ লোকায়ুক্তই জাননী প্ৰেৰণ কৰিছে প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাক।পিপিইকিট কেলেংকাৰীত জড়িত থকাৰ অভিযোগত লোকায়ুক্তই প্ৰেৰণ কৰিছে এই জাননী।বীনা এছ নায়াৰ নামৰ কংগ্ৰেছ দলৰ নেতা জনে ২০১৯ চনত পিপিইকিট অধিক মূল্যত ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰিছিল।লোকায়ুক্তৰ ওচৰত তেওঁ দাখিল কৰিছিল সেই অভিযোগ।এই অভিযোগ পোৱাৰ পিছত লোকায়ুক্তই সংশ্লিষ্ট বিভাগটোৰ ৩গৰাকী বিষয়ালৈ জাননী পঠিয়ায়।২০২২ চনৰ ৯ ডিচেম্বৰৰ আগত ৩ গৰাকী ব্যক্তিয়েই লোকায়ুক্তৰ সন্মুখত উপস্থিত হ’ব লাগিব।কেৰালাৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাই ক’ভিডৰ সময়ত পিপিইকিটৰ চাহিদা অনুসৰি যোগান কম হোৱা বাবে অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হোৱা বুলি ইতিমধ্যে মন্তব্য প্ৰদান কৰিছে।তেওঁ লগতে কয় যে তেওঁ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ লগত আলোচনা কৰিহে পিপিইকিট ক্ৰয়ৰ সিন্ধান্ত লৈছিল।

“ মই সেই সময়ত মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁ সেই সামগ্ৰীসমূহৰ গুণাগুণ পৰীক্ষা কৰি ক্ৰয়ৰ অনুমতি দিছিল।সেই সময়ত পইচাতকৈ মানুহৰ জীৱনৰ মূল্য অধিক বুলি ভৱা হৈছিল”- এনেদৰে কয় প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।
গুৰুত্বপূৰ্ণ বিষয় এয়ে যে ক’ভিড নিয়ন্ত্ৰণত সক্ৰিয় ভূমিকা লোৱাৰ লগতে নিপা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সফল হোৱা বাবে শৈলজালৈ এছিয়া মহাদেশৰ সৰ্বশ্ৰেষ্ঠ সন্মান ৰমন মেগছেছে বঁটা আগবঢ়োৱা হৈছিল ।অৱশ্যে মেগছেছে এৱাৰ্ড যিহেতু যিকোনো ব্যক্তি বিশেষকহে আগবঢ়োৱা হয় আৰু ইয়াৰ লগত ৰাজনৈতিক ব্যক্তিৰ সম্পৰ্ক নাই,সেয়ে তেওঁ এই বঁটা গ্ৰহণ নকৰিলে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.