কোন আছে আপৰ ‘থিংক টেংক’ হিচাপে?

Share This Article

কাৰ সাহসত গুজৰাট জয়ৰ সপোন কেজৰিৱালৰ? কাৰ আশীৰ্বাদপুষ্ট আপ দলটো? আপৰ আত্মবিশ্বাসৰ আঁৰত কোন?

গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনেই আপৰ ভবিষ্যত কৰ্মপন্থা নিৰ্ধাৰণ কৰিব ।পঞ্জাৱ-দিল্লীত শাসনত থাকিলেও দলটোৱে লাভ কৰা নাই ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা।গতিকে গুজৰাট আৰু হিমাচলত যিকোনো প্ৰকাৰে ক্ষমতা দখলৰ যুঁজত ব্ৰতী দলটো।গোৱাত অনুষ্ঠিত নিৰ্বাচনত দলটোৱে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল যদিও কিন্তু মাত্ৰ ২খন আসনতহে জয়ী হৈছিল দলটো।দলটোৱে আৰু এখন ৰাজ্যত ক্ষমতা লাভ কৰিলেই ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ কৰিব ।২০২৪ চনৰ লোকসভা নিৰ্বাচনত আপে ৰাষ্ট্ৰীয় দল হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে। বিগত পঞ্জাৱ বিধানসভা নিৰ্বাচনত আপ নেতা ৰাঘৱ চাড্ডাই এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ।চাড্ডা আপ দলৰ ৰাজ্যসভাৰ সাংসদো। ৩৪ বছৰীয়া ৰাঘৱ চাড্ডাই ২০১১চনৰ পৰা অৰবিন্দ কেজৰিৱালৰ লগত আছে। গুজৰাটত
অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনক লৈ আপ যথেষ্ট ব্যস্ত আৰু তাত আপ দলৰ নেতৃত্বত আছে ৰাঘৱ চাড্ডা৷চাড্ডাই গুজৰাটত নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাৰ পৰা,সংবাদ মাধ্যমৰ লগত সহযোগিতা আগবঢ়োৱা আৰু সমষ্টিত জনপ্ৰিয়তাৰ ভিত্তিত প্ৰাৰ্থীক দলীয় টিকেট প্ৰদান কৰা আদিৰ লগত জড়িত হৈ আছে।
আনহাতে,আপৰ নিৰ্বাচনী ৰণকৌশল প্ৰণেতাৰ দায়িত্বত আছে আইআইটিৰ অধ্যাপক সন্দীপ পাঠক।আইআইটি দিল্লীৰ অধ্যাপক সন্দীপ পাঠকে গুজৰাট আৰু হিমাচল প্ৰদেশত নিৰ্বাচনী কৌশল প্ৰস্তুতৰ দায়িত্বত আছে।২০১২ চনৰ পৰা আপৰ লগত জড়িত আছে সন্দীপ পাঠক।আইআইটি দিল্লীৰ অধ্যাপক সন্দীপ পাঠকে গুজৰাট আৰু হিমাচল প্ৰদেশত নিৰ্বাচনী কৌশল প্ৰস্তুতৰ দায়িত্বত আছে।২০১২ চনৰ পৰা আপৰ লগত জড়িত আছে সন্দীপ পাঠক।গুজৰাট নিৰ্বাচনত নেতৃত্ব লোৱা আন এগৰাকী নেতা গোপাল ইটালিয়া।গোপাল ইটালিয়া আপৰ গুজৰাট নিৰ্বাচনৰ কেন্দ্ৰবিন্দু।ইটালিয়া আছিল এজন কনিষ্টবল আৰু পিছলৈ তেওঁ গুজৰাটৰ ৰাজহ বিভাগৰ কেৰাণীৰ
চাকৰি কৰিছিল।পাটিদাৰ আন্দোলনৰ সময়ত আপ নেতা অৰবিন্দ কেজৰিৱালৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৩৩বছৰীয়া গোপাল ইটালিয়াই।২০২০ চনত আপত যোগদান কৰাৰ সময়ত তেওঁ আছিল এগৰাকী সক্ৰিয় ৰাজনৈতিক কৰ্মী আছিল। ইটালিয়াৰ নেতৃত্বতে আপ দলে চুৰাটৰ মিউনিচিপাল নিৰ্বাচনত ২৭ খন আসন লাভ কৰিছিল।আপৰ আন এগৰাকী ৰাজহাড় সদৃশ নেতা ইছুডন গাডভী ।ইছুডন গাডভী এগৰাকী টেলিভিছন এংকৰ৷VTV নিউজৰ ‘মহামন্থন’ নামৰ জনপ্ৰিয় অনষ্ঠানটোৰ আঁত ধৰোতা ইছুডনে ২০২১ চনত আপত যোগদান কৰিছিল।গাডভীক অৰবিন্দ কেজৰিৱালৰ এগৰাকী উপদেষ্টা বুলিয়ে জানে গুজৰাটত।এজন সাংবাদিক হিচাপে সমগ্ৰ গুজৰাটৰ ৰাজনীতি আৰু সমস্যা তেওঁৰ নখদৰ্পণত।আনহাতে,সুৰজিত ঠাকুৰে ২০১২ চনত আপত যোগদান কৰিছিল।তেওঁৰ অৱশ্যে প্ৰথম অৱস্থাত দলত সিমান গুৰুত্ব নাছিল।কিন্তু বিগত এপ্ৰিল মাহত হিমাচল প্ৰদেশৰ যথেষ্ট সংখ্যক নেতাই বিজেপিত যোগদান কৰাৰ পাছত দলত গুৰুত্ব বাঢ়িল সুৰজিত ঠাকুৰৰ।দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰৰ পিছত হিমাচল প্ৰদেশত আপ এক ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছিল৷“ হিমাচল প্ৰদেশত সন্মুখীন হোৱা প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আপে সুৰজিত ঠাকুৰৰ ওপৰত দায়িত্ব অৰ্পণ কৰে”- এনেদৰে মন্তব্য কৰে এগৰাকী জ্যেষ্ঠ আপ নেতাই।ঠাকুৰ এজন সমাজবিজ্ঞানৰ স্নাতক আৰু তেওঁৰ হোটেলৰ মেনেজমেণ্টৰ ডিগ্ৰীও আছে।বিগত বহু বছৰ ধৰি তেওঁ হিমাচলৰ কৃষকৰ লগত কাম কৰি আছে।দলটোক যুৱপ্ৰজন্মৰ লগত সম্পৰ্ক থকা এখন জনপ্ৰিয় মুখৰ প্ৰয়োজন আছিল আৰু সুজিত ঠাকুৰে সেই অভাৱ পূৰণ কৰিছিল। হিমাচল প্ৰদেশত সুজিত ঠাকুৰৰ এজনীয়া নেতৃত্বতেই
চলি আছিল দলটো।শেহতীয়াকৈ অৱশ্যে পঞ্জাৱৰ এজন মন্ত্ৰী হৰজত সিং বেইনচকো হিমাচল প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰিছে আপে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.