মাত্ৰ ৫ ছেকেণ্ডত নৈৰ কোবাল সোঁতত যাহ গ’ল এটা অট্টালিকাঃ তাৰ পিছত?

Share This Article

কেৰেলাত এতিয়াও অব্যাহত আছে জলপ্ৰলয়। নেৰেনেপেৰা বৰষুণ, বান আৰু ভূমিস্খলনে দুৰ্বিসহ কৰি তুলিছে কেৰেলাবাসীৰ জীৱন। ইতিমধ্যেই ৰাজ্যখনৰ কোট্টায়াম জিলাৰ পৰা ১৩টা আৰু ইডুক্কীৰ পৰা ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। কিন্তু এনে প্ৰলয়ৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা বিশেষ ভিডিঅ’ই বুকু কপাই তুলিব আপোনাৰ। প্ৰচুৰ বৰষুণৰ পিছত বিগত দেওবাৰে কেৰেলাৰ কোট্টায়াম জিলাৰ মুণ্ডাকায়াম চহৰত নদীৰ তীব্ৰ সোঁতত এটা প্ৰকাণ্ড অট্টালিকা যাহ যোৱাৰ দৃশ্যই এতিয়া ভৱাই তুলিছে সকলোকে। পৃথিৱীবাসীৰ ওপৰত সঁচাকৈয়ে অতিষ্ঠ হৈছে নেকি প্ৰকৃতি? ঘৰটো পানীত যাহ যোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত সকলোৰে মনলৈ এটা প্ৰশ্ন আহিছে – ঘৰটোৰ ভিতৰত থকা মানুহবোৰৰ কি হ’ল? অৱশ্যে কেৰেলা প্ৰশাসনৰ তথ্য অনুসৰি ঘৰটোৰ বাসিন্দা সকলক ইতিপূৰ্বেই সেই স্থানৰ পৰা স্থানান্তৰিত কৰা হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.