সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দ্ৰুতগতিত হ্ৰাস পাইছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ?

দেশৰ পৰৱর্তী প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে?নৰেন্দ্ৰ মোদী নে মমতা বেনার্জী ? অথবা ৰাহুল গান্ধী নে অৰবিন্দ কেজৰিৱালক ?যোগী আদিত্যনাথ নে  অমিত শ্বাহক ?

প্ৰধানমন্ত্ৰী হিচাপে  দেশবাসীৰ এতিয়াও প্ৰথম পচন্দৰ প্ৰার্থী নৰেন্দ্ৰ মোদী৷ কিন্তু বিগত বর্ষতকৈ বহুগুনে জনপ্ৰিয়তা হ্ৰাস পাইছে নৰেন্দ্ৰ মোদীৰ ৷ একেসময়তে জনপ্ৰিয়তা বৃদ্ধি পাইছে অৰবিন্দ কেজৰিৱাল আৰু মমতা বেনার্জীৰ৷ ২০২০ চনত দেশৰ ৬৬ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছিল নৰেন্দ্ৰ মোদীক৷ কিন্তু ২০২১ চনত দেশৰ ২৪ শতাংশ লোকেহে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নৰেন্দ্ৰ মোদীক৷ প্ৰশ্ন হয় , নৰেন্দ্ৰ মোদীৰ প্ৰতি হ্ৰাস পোৱা সমর্থন লাভ কৰিছে কোনে?

- Donation -

‘ইণ্ডিয়া টুডে মুড অফ দা নেশ্যন’ শীর্ষক এক সমীক্ষা প্ৰতি বছৰে প্ৰকাশ পাই আহিছে ৷  জানুৱাৰী আৰু আগষ্ট মাহত দেশৰ ৰাজনীতিক সকলৰ জনপ্ৰিয়তা সন্দর্ভত প্ৰকাশ পায় এই সমীক্ষা৷২০২১ চনৰ আগষ্ট মাহৰ এই সমীক্ষা অনুসৰিয়েই দেশৰ মাত্ৰ ২৪ শতাংশ লোকেহে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নৰেন্দ্ৰ মোদীক৷

মুড অফ দা নেশ্যনৰ ২০২০ চনৰ আগষ্ট মাহৰ সমীক্ষা অনুসৰি দেশৰ ৬৬ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছিল নৰেন্দ্ৰ মোদীক৷ ২০২১ চনৰ জানুৱাৰী মাহত দেশৰ ৩৮ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে সমর্থন কৰিছিল নৰেন্দ্ৰ মোদীক৷কিন্তু ২০২১ চনৰ আগষ্ট মাহত দেশৰ মাত্ৰ ২৪ শতাংশ নাগৰিকেহে প্ৰধানমন্ত্ৰী হিচাপে সমর্থন কৰিছে নৰেন্দ্ৰ মোদীক৷

দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নাম৷যোগী আদিত্যনাথক দেশৰ ১১ শতাংশ নাগৰিকে সমর্থন কৰে প্ৰধানমন্ত্ৰী হিচাপে৷২০২০ চনৰ আগষ্ট মাহত দেশৰ মাত্ৰ ৩ শতাংশ লোকেহে প্ৰধানমন্ত্ৰী হিচাপে সমর্থন কৰিছিল আদিত্যনাথক৷

যোগী আদিত্যনাথৰ পিছত দেশবাসীৰ পছন্দৰ তালিকাত তৃতীয় স্থানত আছে ৰাহুল গান্ধী৷ দেশৰ ১০ শতাংশ নাগৰিকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে ৰাহুল গান্ধীক৷২০২০ চনৰ আগষ্ট মাহত দেশৰ  ৮ শতাংশ লোকে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছিল যদিও ২০২১ চনৰ জানুৱাৰী মাহত ৰাহুল গান্ধীৰ সমর্থন হ্ৰাস পাইছিল ৭ শতাংশলৈ৷

দেশবাসীৰ পচন্দৰ তালিকাত চতুর্থ স্থানত আছে দুগৰাকী ৰাজনীতিক৷ তেওলোক ক্ৰমে- পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনার্জী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷

২০২০ চনৰ আগষ্ট মাহত দেশৰ মাত্ৰ ২ শতাংশ নাগৰিকেহে প্ৰধানমন্ত্ৰী হিচাপে সমর্থন কৰিছিল মমতা বেনার্জীক৷২০২১ চনৰ জানুৱাৰী মাহত সেই সমর্থন বৃদ্ধি পাইছিল ৪ শতাংশলৈ৷বর্তমান দেশৰ ৮ শতাংশ নাগৰিকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে মমতা বেনার্জীক৷একদৰে ২০২০ চনৰ আগষ্ট মাহত দেশৰ ৩ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে অৰবিন্দ কেজৰিৱালক সমর্থন কৰাৰ বিপৰীতে বর্তমান সময়ত সেই সমর্থন বৃদ্ধি পাইছে ৮ শতাংশলৈ৷

অমিত শ্বাহ দেশৰ প্ৰধানমন্ত্ৰী হব নেকি?এয়াও এটা চর্চিত প্ৰশ্ন৷ইণ্ডিয়া টুডেৰ সমীক্ষা অনুসৰি বর্তমান দেশৰ ৭ শতাংশ লোকে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে অমিত শ্বাহক৷

দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰী পদৰ প্ৰথম পচন্দ এতিয়াও নৰেন্দ্ৰ মোদী৷কিন্তু এটা বছৰত প্ৰধানমন্ত্ৰীজনৰ প্ৰতি সমর্থন ৬৬ শতাংশৰ পৰা ২৪ শতাংশলৈ হ্ৰাস পোৱা ঘটনাই গুৰুতৰ তাৎপর্য বহন কৰিছে ৷

(এই বাতৰি ভিডিওৰ ৰূপত চাবলৈ ইয়াত  ক্লিক কৰক)

Leave A Reply

Your email address will not be published.