সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পেগাছাছ চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

পেগাছাছ ছফটৱেৰৰ জড়িয়তে চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ৷মঙলবাৰে পেগাছাছ চোৰাংছোৱাগিৰিৰ তদন্ত বিচাৰি কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই আবেদনৰ বিচাৰ প্ৰক্ৰিয়া কিদৰে আগবঢ়োৱা যায় , সেয়া চিন্তা কৰাৰ প্ৰয়োজন আছে ৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰা হ’ব ৷ আৰু পৰৱৰ্তী কিছুদিনৰ পাছত শুনানি গ্ৰহণ কৰা হ’ব ৷”

দহ দিনৰ পাছত এই আবেদন পুণৰ সূচীবদ্ধ কৰা হ’ব ৷ এই সময়ছোৱাত পৰৱৰ্তী বিচাৰ প্ৰক্ৰিয়াৰ বিষয়ে চিন্তা – চৰ্চা কৰা হ’ব ৷

- Donation -

মঙলবাৰৰ শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়ে যে চৰকাৰে বিশেষজ্ঞ সমিতিৰ আগত পেগাছাছৰ চোৰাংছোৱাগিৰি সন্দৰ্ভত তথ্য দাখিল কৰিবলৈ সাজু আছে ৷ কিন্তু ন্যায়ালয়ৰ মজিয়াত সেয়া ৰাজহুৱা কৰিব নোৱাৰে ৷ কিয়নো বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত ৷

উল্লেখ্য যে দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰি আছে ৷

 

Leave A Reply

Your email address will not be published.