অচিন কাঠৰ থোৰা লগাই হেৰাই গ’ল শ্ৰদ্ধা

Share This Article

সাধাৰণভাৱে নল’ব । স্মাৰ্ট ফোনে বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে বিপদত পেলাব পাৰে আপোনাক । সেইয়া লাগে বেংকৰ টকা লেনদেন বা আন যিকোনো বিপদ। বিশেষকৈ অনলাইন ডেটিং এপ । য’ত প্ৰেম প্ৰতাৰণা অতি সুলভ। প্ৰবঞ্চনাৰ বলি আপুনিও হব পাৰে ।এনে প্ৰবঞ্চনাৰ ঘটনা আজিকালি একেবাৰে সুলভ। দিল্লীৰ আফটাব আৰু শ্ৰদ্ধাৰ কাহিনীয়ে সমগ্ৰ দেশবাসীক শিহৰিত কৰিছে। লিভ ইন সম্পৰ্কত থকা প্ৰেমিকাক কাটি ৩৫ টুকুৰা কৰিলে প্ৰেমিক আফটাবে। দিল্লীৰ এই শিহৰণকাৰী ঘটনাৰ পিছত পোহৰলৈ আহিছে ন ন তথ্য । আপোনাৰ মোবাইলত যদি এনে অনলাইন ডেটিং এপ আছে তেন্তে শীঘ্ৰেই অৱজ্ঞা কৰক । বিপদত পৰিব পাৰে আপুনিও। প্ৰেমৰ বাবেই এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱালে প্ৰেমিকৰ হাতত । মোবাইল এপৰ জৰিয়তে হোৱা প্ৰেম আৰু ইয়াৰ কথা বতৰা অতি বিপদজনক । উল্লেখ্য যে স্মাৰ্ট ফোনত সহজতে উপলব্ধ এনে অনলাইন ডেটিং এপ। য’ত বিৰক্তিকৰ সময় অতিবাহিত কৰিবৰ বাবে সহজেই পাব পাৰি এজন সংগী । যি গৰাকী সংগীয়ে আপোনাক পেলাব পাৰে বিপদত। আপোনাক কৰিব পাৰে ব্যৱহাৰ । উল্লেখ্য যে কভিড মহামাৰীৰ পূৰ্বেই মুকলি হোৱা এনে এপবোৰ কাৰ্যক্ষম নাছিল যদিও লকডাউনৰ সময়ত আজৰি সময় অতিবাহিত কৰিবৰ বাবে আন একো উপায় বিচাৰি নোপোৱা হ’ল তেতিয়া এই অনলাইন ডেটিং এপ সমূহ অধিক কাৰ্যক্ষম হৈ পৰিল । হৈ পৰিল অধিক সক্ৰিয় । অকলশৰীয়া যুৱক যুৱতীয়ে বাচি ল’লে অনলাইন ডেটিং এপ। প্ৰেমৰ সম্পৰ্কৰ ফলত এজনে সিজনৰ অধিক কাষলৈ আহিবলৈ ল’লে। যেতিয়া লকডাউন শিথিল হ’ল প্ৰেমিক প্ৰেমিকাই লগ কৰিবলৈ ল’লে আৰু গঢ়ি তুলিলে শাৰীৰিক সম্পৰ্ক । সেইয়া আজিও অব্যাহত আছে । আজিও বহু যুৱক যুৱতীয়ে অনলাইন ডেটিং এপৰ জৰিয়তে প্ৰেমৰ সম্পৰ্ক গঢ়ি লিভ ইনত থাকিবলৈ লৈছে । কিন্তু এই অনলাইন ডেটিং এপ সমূহে যে বহু লোকক বিপদত পেলাইছে তাৰ উৎকৃষ্ট উদাহৰণ দিল্লীত সংঘটিত হোৱা আফটাৱ আৰু শ্ৰদ্ধাৰ কাহিনী। যত এহাল প্ৰেমিক প্ৰেমিকাই পৰিয়ালৰ অমতে গৈ লিভ ইন সম্পৰ্কত থাকি চহৰত অকলে বাস কৰিছিল ।তাৰ পিছতেই হত্যা আৰু ৩৫ টুকুৰা দেহৰ অংগ বিভিন্ন স্থানত নিশা হত্যাকাৰী আফটাবে নি পেলাই থৈ অহা এক নাটকীয় তথা অবিশ্বাস্য ঘটনা সংঘটিত হ’ল। উল্লেখ্য যে ক্ৰাইম চিৰিজৰ পৰা প্ৰেমিকাক ৩৫ টুকুৰা কৰিবলৈ শিকিছিল প্ৰেমিক আফটাৱে। শ্ৰদ্ধাৰ দেহ টুকুৰা টুকুৰকৈ কাটিছিল আফটাবে।২৬ বছৰীয়া যুৱতী শ্ৰদ্ধাৰ ঘৰ মহাৰাষ্ট্ৰৰ মুম্বাইত। এটা বহুজাতিক প্ৰতিষ্ঠানত চাকৰি কৰিছিল শ্ৰদ্ধাই। অন্যহাতে আফতাব আছিল পেছাত এজন ফুড ব্লগাৰ। ২০১৯ চনত এটা ডেটিং এপৰ জৰিয়তে আফটাবক চিনি পাইছিল শ্ৰদ্ধাই। বাম্বল নামৰ এটা বিশেষ এপত কোনো স্ত্ৰীলংগই প্ৰথমে পুলিংগৰ ব্যক্তিক বন্ধুত্বৰ প্ৰস্তাব দিব পাৰে। আৰু সেই এপৰ জৰিয়তেই প্ৰথমবাৰলৈ আফটাবৰ সৈতে পৰিচয় ঘটে শ্ৰদ্ধাৰ। তাৰপাছত প্ৰত্যক্ষ সাক্ষাৎ আৰু লাহে লাহে প্ৰেমৰ সম্পর্ক। ঘৰুৱা বাধাৰ পৰিপ্ৰেক্ষিত শ্ৰদ্ধা আৰু আফটাবৰ বিবাহ সম্পন্ন হোৱা নাছিল। কিন্তু ঘৰ এৰি ২০১৯ চনতেই আফটাবৰ ওচৰলৈ গুচি আহিছিল শ্ৰদ্ধা।আৰু তাৰ পাছতেই একেলগে থাকিবলৈ আৰম্ভ কৰিছিল শ্ৰদ্ধা আৰু আফটাবে। বিগত আঠ মে’ত শ্ৰদ্ধাৰ সৈতে মুম্বাইৰ পৰা দিল্লীলৈ আহিছিল আফটাব। তাৰ পাছতেই মেৰহুলীৰ এখন অৰণ্যৰ কাষৰীয়া অঞ্চলত এটা ফ্লেট লৈছিল আফটাবে। আৰু তাৰ ঠিক দহদিন পাছত,অর্থাৎ ১৮ মেত আফটাবে ৰুমৰ ভিতৰতে হত্যা কৰে লিভ ইন পার্টনাৰ শ্ৰদ্ধাক। নিজৰ প্ৰেমিকাৰ টুকুৰা টুকুৰ অংগ ফ্ৰীজত ৰাখি,সেই ঘৰতেই অন্য যুৱতীৰ লগত শাৰিৰীক সম্পর্ক চলাইছিল আফটাবে। এটা অনলাইন এপৰ জৰিয়তে চিনাকি হৈ ভিন্ন যুৱতীৰ লগত সম্পর্ক স্থাপন কৰিছিল আফটাবে। সম্পর্ক নিবিড় হোৱাৰ পাছত নিজৰ ফ্লেটলৈ যুৱতীক মাতি আনিছিল আৰু সেইদৰেই একাধিক নাৰীৰ লগত যৌন সম্পর্ক গঢ়ি তুলিছিল । ইতিমধ্যে সেই ফ্লেটত ভিন্ন নাৰীৰ লগত যৌন সম্পর্ক গঢ়ি তোলাৰ তথ্য লাভ কৰিছে দিল্লী আৰক্ষীয়ে। গতিকে অনলাইন ডেটিং এপৰ পৰা সাৱধান হওক ।পাৰিলে আজিয়েই অৱজ্ঞা কৰক এনে অনলাইন এপ । যিয়ে আপুনি নজনাকৈয়ে আপোনাক হয়তো বিপদত পেলাব পাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.