Rx ৰ সলনি ‘শ্ৰী হৰি’

Share This Article

আজৱ দেশৰ গজব কাণ্ড ! চিকিৎসকে প্ৰেচক্ৰিপচনত ‘Rx’ ৰ ঠাইত লিখিলে ‘শ্ৰী হৰি’।দেশজুৰি ভাইৰেল মধ্য প্ৰদশৰ চিকিৎসকৰ প্ৰেচক্ৰিপচন। ডাক্তৰৰ প্ৰেচক্ৰিপচনত Rx ৰ ব্যৱহাৰ আপুনি মই সকলোৱে দেখিছোঁ। সাধাৰণতে প্ৰায় বোৰ প্ৰেচক্ৰিপচনত প্ৰতীক হিচাপে দেখা যায় Rx ক, লেটিন শব্দৰ recipere ৰেচিপিৰে পৰা আহৰণ কৰা হৈছে Rx, যাৰ অৰ্থ হৈছে গ্ৰহণ কৰা। প্ৰেচক্ৰিপচনত এই অৰ্থ বুজাবলৈয়ে ডাক্তৰ সকলে বহুল ভাবে ব্যৱহাৰ কৰে চমুকৈ এই Rx চিহ্ন।এতিয়া এই Rx ৰ ঠাইত শ্ৰী হৰি লিখি দেশজুৰি চৰ্চিত হৈ পৰিছে মধ্য প্ৰদেশৰ এজন ডাক্তৰ আৰু ভাইৰেল হৈ পৰিছে তেওঁৰ প্ৰেচক্ৰিপচনখনো। কিন্তু Rx ৰ পৰিবৰ্তে কিয় শ্ৰী হৰি লিখিলে ডাক্তৰ গৰাকীয়ে ? ১৬ অক্টোবৰত মধ্য প্ৰদেশ হৈ পৰিল দেশৰ প্ৰথম ৰাজ্য য’ত MBBS ৰ পাঠদান আৰম্ভ হ’ল হিন্দীত।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰিলে হিন্দীত MBBS ৰ পাঠদান।ডাক্তৰ হ’ব খোজা কিন্তু ইংৰাজী নজনা ছাত্ৰ ছাত্ৰী সকলৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হ’ল এই হিন্দীত MBBS ৰ পাঠদান। ইমানলৈকে সকলো ঠিকেই আছিল ! অথন্তৰ লগালে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ঘোষণাই।অমিত শ্বাহৰ হিন্দীত MBBS ৰ পাঠদান ঘোষণাৰ পাছতেই মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নিৰ্দেশ ডাক্তৰ সকলে প্ৰেচক্ৰিপচন হিন্দীত লিখক যাতে সকলো পৰ্য্যায়ৰ ৰোগীয়ে সহজে বুজি পায়। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিলে যে Rx ৰ পৰিবৰ্তে প্ৰেচক্ৰিপচনত ব্যৱহাৰ কৰক ‘শ্ৰী হৰি’।মুখ্যমন্ত্ৰী গৰাকীৰ এই নিৰ্দেশৰ পৰিণাম দেখা গ’ল দুদিনৰ পাছত।সংবাদ মাধ্যম-সামাজিক মাধ্যম সকলোতে ভাইৰেল হৈ পৰিল এখন বিশেষ প্ৰেচক্ৰিপচন য’ত Rx ৰ পৰিবৰ্তে লিখা হ’ল শ্ৰী হৰি।মধ্য প্রদেশৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডঃ সৰ্বেশ সিংহই প্ৰেচক্ৰিপচনত Rx ৰ পৰিবৰ্তে লিখিলে শ্ৰী হৰি, ঔষধৰ নাম লিখিলে হিন্দীত। তাৰ পাছতেই সৰ্বত্ৰ ভাইৰেল শ্ৰী হৰি লিখা প্ৰেচক্ৰিপচনখন।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.