মহাসংকটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী

Share This Article

বিপদে লগ নেৰা হৈছে একনাথ সিন্দেক।প্ৰতীক চিহ্নক লৈ সংকটত সিন্দেপন্থী।সিন্দে গোটৰ দলীয় প্ৰতীকৰ বিৰোধিতা শিখ সমাজৰ। ঢাল-তৰোৱাল শিখৰ আৱেগৰ লগত জড়িত গতিকে ই কেতিয়াও দলীয় প্ৰতীক হ’ব নোৱাৰে।শিখ সম্প্ৰদায়ৰ নেতাই ইয়াৰ বিৰোধিতাৰে কাষ চাপিছে নিৰ্বাচন আয়োগৰ। উল্লেখযোগ্য যে শিৱসেনাৰ উদ্ধৱ থাকৰে গোট আৰু মুখ্যমন্ত্ৰী একনাথ সিন্দে গোটৰ মাজত চিহ্নক লৈ মতানৈক্য হোৱাৰ পিছত দুয়োটা গোটেই ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়ালয়ৰ ৰায়ৰ পিছত দুয়োটা দলেই দুটা দলীয় প্ৰতীক নিশ্চিত কৰিছে। সেই অনুসৰি সিন্দে গোটে এখন ঢাল আৰু ২খন তৰোৱাল আৰু গোটটোৰ নাম বালাচাহেব শিৱসেনা ৰাখিছে। আনহাতে, থাকৰে গোটে নিজৰ দলৰ নাম উদ্ধৱ বালাচাহেব থাকৰে কৰাৰ লগতে দলটোৰ প্ৰতীক চিহ্ন হিচাপে জ্বলি থকা টৰ্চ লৈছে।ইতিমধ্যে সমতা পাৰ্টিয়ে এই প্ৰতীক চিহ্নৰো বিৰোধিতা কৰিছে।ইফালে সিন্দে গোটৰ প্ৰতীক চিহ্নৰ বিৰোধিতাৰে গৰজি উঠিছে শিখ সমাজ।গুৰুদ্বাৰা চচখন্দ বৰ্ডৰ প্ৰাক্তন সম্পাদক ৰঞ্জিত সিং কমথেকৰে ইতিমধ্যে এই প্ৰতীক চিহ্নৰ বিৰোধিতা কৰি নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ লগতে জনাই যে নিৰ্বাচন আয়োগে যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে তেওঁলোকে ন্যায়ালয়ৰ কাষ চপাৰ সিন্ধান্ত লৈছে।
তেওঁ কয় “ আমাৰ ধৰ্মীয় গুৰু শ্ৰীগুৰু গোবিন্দ সিঙে খালছা পন্থীৰ চিহ্ন হিচাপে ঢাল আৰু তৰোৱাল নিৰ্ধাৰণ কৰিছিল।তেওঁ ইতিমধ্যে এই চিহ্নৰ বিৰোধিতা কৰি নিৰ্বাচন আয়োগ,প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো টুইট কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.