সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেৰেলাত বানৰ ভয়ংকৰ ৰূপঃ নিহত ৯ – সন্ধানহীন ১২

কেৰেলাত বিগত কিছুদিন ধৰি আহি থকা মূষলধাৰ বৰষুণৰ ফলস্বৰূপে সৃষ্টি হোৱা বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে। এতিয়ালৈ ৯ জনকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে। বৰ্তমানো সন্ধানহীন হৈ আছে ১২ জন লোক। উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে কেৰেলা প্ৰশাসনে তথা NDRF আৰু SDRF বাহিনীয়ে। বৰষুণৰ ফলত ৰাজ্যখন কোনো কোনো অঞ্চলত ভূমিস্খলন হোৱাৰো বাতৰি আহিছে। মৃত্যুৰ সংখ্যা প্ৰতি মূহুৰ্ততে বৃদ্ধি হোৱাৰ আশংকা। ৰাজ্যখনৰ ৫ খন জিলাত ৰেড এলাৰ্ট, ৭ খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু ২ খন জিলাত ৱেলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Leave A Reply

Your email address will not be published.