সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ ৰহস্য ফাদিল

বিগত ৪ ছেপ্তেম্বৰত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল দেশৰ এগৰাকী বিশিষ্ট উদ্যোগী চাইৰাছ মিস্ত্ৰীয়ে।টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ লগত সেইদিনা দুৰ্ঘটনাত মৃত্যু হৈছিল তেওঁৰ সহযাত্ৰী জাহাংগীৰ পাণ্ডলেৰ।
উক্ত দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা মিস্ত্ৰীৰ গাড়ীখন চলাইছিল এগৰাকী চিকিৎসকে৷মুম্বাইৰ প্ৰতিষ্ঠিত চিকিৎসক ডা° অনাহিতা পাণ্ডলেই আছিল চালকৰ আসনত।বিগত ৪ ছেপ্তেম্বৰৰ এই দুৰ্ঘটনাৰ তদন্ত কৰা আৰক্ষীয়ে শুকুৰবাৰে দুৰ্ঘটনা সম্পৰ্কত কয় যে গাড়ীৰ চালকৰ আসনত থকা অনাহিতা পাণ্ডলেই চালকৰ আসনত থকাৰ পিছতো ছীট বেল্ট নিয়ম অনুসৰি পৰিধান কৰা নাছিল।আৰক্ষী সূত্ৰই জনোৱা মতে অনাহিতা পাণ্ডলেই যে ঠিকমতে ছীট বেল্ট পৰিধান কৰা নাছিল সেই কথা নিশ্চিত কৰিছে মাৰ্চিডিছ কোম্পানীয়ে৷কোম্পানীটোৱে দুৰ্ঘটাগ্ৰস্ত গাড়ীখন পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰাৰ পিছত এই সিন্ধান্তত উপনীত হয়।আৰক্ষী অধীক্ষক বালাচাহেব পাটিলে কয় ” অনাহিতাই কেৱল বাহুত লগোৱা বেল্ট পৰিধান কৰিছিল যদিও তলৰ অংশৰ ছীট বেল্টডাল লগোৱা নাছিল।এইটো চাৰ্জছীটত অন্তৰ্ভুক্ত কৰা হ’ব।তদুপৰি অনাহিতাৰ স্বামী ডেৰিয়াছে সুন্দৰভাৱে ছীটবেল্ট পৰিধান কৰাৰ বিপৰীতে চাইৰাছ মিস্ত্ৰী আৰু তেওঁৰ সহযোগী জাহাংগীৰ পাণ্ডলেও পৰিধান কৰা নাছিল ছীটবেল্ট৷দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীৰ পৰাও ভাষ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে।বৰ্তমান চাৰ্জছীটৰ বাবে ভাষ্য সংগ্ৰহৰ অভিযান চলি আছে ।খুব কম সময়ৰ ভিতৰতে আমি অনাহিতাৰ ভাষ্যও গ্ৰহণ কৰিম।”এইছ এন ৰিলায়েন্স হস্পিতেলত কৰ্মৰত অনাহিতা পাণ্ডলেক বিগত মাহত দোষী সাব্যস্ত কৰা হৈছিল।অনাহিতাৰ বিৰুদ্ধে অৱহেলা,তীব্ৰ বেগ,অভাৰটেক আৰু পথৰ নিয়ম অৱমাননা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷অনাহিতাৰ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ নিৰ্দেশ দিয়া হৈছে আঞ্চলিক পৰিবহন নিগমৰ কাৰ্যালয়ক।অনাহিতাই গাড়ী চলাই যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ টোলগেটৰ শাখাৰ পৰা সেইদিনাৰ ৭ খন ই চালান সংগ্ৰহ কৰা হৈছে৷এই ই চালান কেইখনতে অনাহিতাই যে তীব্ৰ গতিত গাড়ী চলাইছিল তাৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে বুলি জনাইছে আৰক্ষীয়ে।গাড়ীখনৰ বিৰুদ্ধে এতিয়ালৈকে মুম্বাই আৰক্ষীয়ে মুঠ ১৯ খন চালান ইছ্যু কৰিছে।গাড়ীখনৰ মালিক হিচাপে ডাৰিয়ুজ কোম্পানীক দেখুওৱা হৈছে।২০১৯ চনৰ ২৪ মে’ত প্ৰথমবাৰৰ বাবে অত্যাধিক বেগৰ বাবে চালান পঠিওৱা হৈছিল গাড়ীখনৰ গৰাকীলৈ।আৰক্ষীয়ে তদন্ত কৰি দুটা কথাত সঠিক সিন্ধান্তত উপনীত হৈছে।প্ৰথমটো চালকে ভালদৰে ছীটবেল্ট পৰিধান কৰা নাছিল আৰু দ্বিতীয়তে চালকে অত্যাধিক বেগত গৈ ট্ৰেফিক আইন ভংগ কৰিছিল।১০০ কিলোমিটাৰ বেগত গাড়ীখন গৈ আছিল যদিও কিন্তু দুৰ্ঘটনা সংঘটিত হোবাৰ আগত ৩.৫ ছেকেণ্ডৰ এটা ব্ৰেক মাৰিছিল আৰু ৮৯ কিলোমিটাৰ বেগত গাড়ীখন ৰৈ গৈছিল।

Leave A Reply

Your email address will not be published.