৫৫০০ টকা লৈ মুম্বাইলৈ অহা চনু সুদ ১৩০ কোটি টকাৰ সম্পত্তিৰ মালিক হল কেনেকৈ?

Share This Article

বুধবাৰে দুখীয়াৰ ভগৱান খ্যাত অভিনেতা চনু সুদৰ মুম্বাইস্থিত কাৰ্যালয়ত অতৰ্কিতে অভিযান চলালে আয়কৰ বিভাগৰ এটা বিশেষ দলে। আয়কৰ বিভাগৰ এই অভিযানৰ পিছতে উত্থাপন হৈছে এটা বিশেষ প্ৰশ্ন-এসময়ত ৫৫০০ টকা লৈ মুম্বাইলৈ অহা চনু সুদ ১৩০ কোটি টকাৰ সম্পত্তিৰ মালিক হল কেনেকৈ? লকডাউন আৰু ক’ভিডে জুৰুলা কৰা দেশৰ জনসাধাৰণৰৰ ওচৰত ভৰষাৰ লাখুঁটিডাল হৈ থিয় দিয়া চনু সুদৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অতৰ্কিত অভিযানৰ পিছতে এতিয়া চিন্তিত হৈ পৰিছে চনুৰ অনুৰাগী সকল।

এখন চিনেমাৰ বাবে কিমান টকা লয় চনু সুদে?

caknowledge.comৰ এক প্ৰতিবেদন অনুসৰি ২০২১ চনৰ ছেপ্টেম্বৰত চনু সুদৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তিৰ মুঠ মূল্য হৈছে ১৩০ কোটি টকা (১৭ নিযুত ডলাৰ)। চনু সুদ বৰ্তমান তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে মুম্বাইত বাস কৰে। চনুয়ে হিন্দী, তেলেগু, তামিল, কানাড়া আৰু পাঞ্জাৱী চলচ্চিত্ৰত কৰিছে। ব্ৰেণ্ড এণ্ডোৰ্চমেণ্ট হৈছে চনুৰ উপাৰ্জনৰ মুখ্য উৎস। চনুয়ে প্ৰতিখন চিনেমাৰ বাবে প্ৰায় ২ কোটি টকা লয়। শক্তি সাগৰ প্ৰডাকচনছ নামৰ চনুৰ এটা নিজা প্ৰডাকচন হাউছ আছে। চনুৱে এতিয়ালৈকে প্ৰায় ৭০ খন চিনেমাত অভিনয় কৰিছে। ব্ৰেণ্ড এণ্ডোৰ্চমেণ্ট আৰু চলচ্চিত্ৰৰ সৈতে চনুয়ে প্ৰতি মাহে প্ৰায় ১ কোটি টকা উপাৰ্জন কৰে।

চনুৰ আৰু কি কি সম্পত্তি আছে?

চনু পৰিয়ালৰ সৈতে আন্ধেৰীৰ লোখাণ্ডৱালাৰ এটা ২৬০০ বৰ্গফুট ৪ বিএইচকে এপাৰ্টমেণ্টত বাস কৰে। চনুৰ মুম্বাইত আৰু দুটা ফ্লেট আছে। চনুৰ গৃহ চহৰ মোগাত এটা বাংলো আছে। জুহুত এখন হোটেল আছে। লকডাউনৰ সময়ত চনুয়ে ইয়াক কোৱাৰেন্টাইন চেন্টাৰ নিৰ্মাণ কৰিবলৈ খুলিছিল। ইয়াৰ উপৰিও চনুৰ ওচৰত ৬৬ লাখ টকাৰ মাৰ্চিডিজ বেঞ্জ এমএলৰ ৩৫০ চিডিআই, ৮০ লাখ টকাৰ অডি কিউ৭ আৰু এখন ২ কোটি টকাৰ এপোৰ্ছ পানামাও আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.