সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাষ্ট্ৰপতি নিৰ্বাচন :মমতাৰ উদ্যোগত আজি দিল্লীত বিৰোধীৰ ৰণচালি

বিজেপি বিৰোধী সমীকৰণক এক নতুন মাত্ৰা দিবলৈ আজি নতুন দিল্লীত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উদ্যোগত অনুষ্ঠিত হ’ব বিশেষ বৈঠক ৷ সেই উপলক্ষে মঙলবাৰে দিল্লীত উপস্থিত হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী ৷ কনষ্টিটিটিউশ্যন ক্লাবত অনুষ্ঠিত হ’বলগীয়া বৈঠকত কংগ্ৰেছ আৰু চি পি আই (এম)য়েও অংশগ্ৰহণ কৰাৰ কথা ৷ কংগ্ৰেছৰ হৈ মল্লিকাৰ্জুন খৰ্গে আৰু চি পি এমৰ হৈ এলামাৰাম কৰিম এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে ৷ বিজেপি বিৰোধী দল ক্ৰমে এন চি পি , শিৱসেনা , আৰ জে ডি , সমাজবাদী পাৰ্টী , আৰ জে ডিৰ প্ৰতিনিধিও আজিৰ বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে ৷ মূলত: ৰাষ্ট্ৰপতি নিৰ্বাচনত এজন উমৈহতীয়া বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপ কৰাটোৱে এই বৈঠকৰ মূল লক্ষ্য ৷ কিন্তু মঙলবাৰে মমতা বেনাৰ্জী দিল্লীলৈ ৰাওনা হোৱাৰ সময়তে চি বি আইৰ দল উপস্থিত হয় অভিষেক বেনাৰ্জীৰ বাসগৃহত ৷ অভিষেকৰ পত্নী ৰুজিৰাক কয়লা সৰবৰাহ সংক্ৰান্তীয় এক গোচৰৰ বাবে সোধা পোচা কৰে চি বি আইৰ দলটোৱে ৷

Leave A Reply

Your email address will not be published.