একে ঘাটৰ পানী খাব নেকি তেজস্বী-গাডকাৰীয়ে?

Share This Article

হঠাৎ তেজস্বী যাদৱৰ ‘দৰদ’ কিয় বিজেপিলৈ? নীতিন গাডকাৰীৰ প্ৰশংসাত পঞ্চমুুখ তেজস্বী যাদৱ “মোৰ কোনো সন্দেহ নাই গাডকাৰীয়ে নিজৰ বিভাগটো খুব সুন্দৰভাৱে চলাই আছে। আমি তেওঁৰ নিচিনা আৰু কেন্দ্ৰীয় মন্ত্ৰী বিচাৰিছিলোঁ। তেওঁৰ এক যোগাত্মক মন আছে।সকলো যদি তেওঁৰ নিচিনাই হয়,তেন্তে কোনো সমস্যাৰে সৃষ্টি নহ’লহেঁতেন ।” আনকি সেই সভাতেই তেওঁ প্ৰথমবাৰ উপমুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ দায়িত্বভাৰ চম্ভালোতে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰা সহায়ৰ কথাও উল্লেখ কৰে।

“ গাডকাৰী এজন উন্নয়নকামী মন্ত্ৰী।তেওঁ দল -মত নিৰ্বিশেষে সকলোৰে উন্নতি বিচাৰে৷বিহাৰে যদি বিশেষ ৰাজ্যৰ মৰ্যাদা পালেহেঁতেন তেন্তে বিহাৰো মহাৰাষ্ট্ৰ,পাঞ্জাৱ বা দিল্লীৰ নিচিনা হ’লহেঁতেন !”
বিগত সপ্তাহত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক প্ৰশংসাৰে উপচাই পেলাইছিল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।সেই একেখন সভাতে বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰাজ্য চৰকাৰৰ তীক্ষ্ণ সমালোচক সঞ্জয় জয়ছোৱালে কয় “ বিহাৰৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ৰাজনীতি নহ’ব।আপোনালোকে যি বিচাৰে সেয়াই কৰা হ’ব।ভূমি অধিগ্ৰহণ কৰাটো চৰকাৰৰ দায়িত্ব ।সেইটো আপোনালোকে কৰক৷আমি একেলগে আমাৰ ৰাজ্যৰ ভালৰ কাৰণে কেন্দ্ৰৰ লগত যুঁজ দিম৷সকলোবোৰ ৰাস্তা আৰু দলং নিৰ্মাণ কৰা হ’ব।”
উল্লেখ্য যে বিহাৰৰ ৰহতাছ জিলাৰ ২১০ কোটি ব্যয় সাপেক্ষে এক দলং নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিবলৈ মঙলবাৰে বিহাৰত উপস্থিত হৈছিলগৈ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী।এই দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে ১৯নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটা সংযোগ কৰিব পৰা যাব যাৰ ফলত বিহাৰ,ঝাৰখাণ্ড,উত্তৰ প্ৰদেশ আৰু ছত্তীশগড়ত যানযঁটৰ সমস্যা যথেষ্ট হ্ৰাস পাব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.