ভাষণ আৰু শ্ৰোতা দুয়োটাই ভুৱা নেকি প্ৰধানমন্ত্ৰীৰ?

Share This Article

কিমান জনপ্ৰিয় নৰেন্দ্ৰ মোডী?বাছত ওলমি মোডীৰ সভালৈ অহা মানুহবোৰ কোন?ভাষণতটো মিছা মাতেই,অনুগামীও মিছা প্ৰধানমন্ত্ৰী মোডীৰ।প্ৰধানমন্ত্ৰী মোডীৰ সভা মানেই জনসমাগম এয়া কোনো নতুন কথা নহয়।বাস্তৱিক ভাষণ হওক বা নহওক,প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ বিৰ দি বাট নোপোৱা অৱস্থাৰ ছবিখন সকলোৰে পৰিচিত।অন্ততঃ ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ মানুহৰ হেতাওপৰা লাগে বুলিয়েই এখন প্ৰতিচ্ছবিৰ সৃষ্টি কৰি আহিছিল বিজেপিয়ে।বাংগালোৰত সংঘটিত হৈছিল এক অদ্ভুত ঘটনা।মোডীৰ সভাত অংশ লোৱা ৪০ জন শ্ৰমিকে থানাত দিছে গোচৰ তৰিছে।গোচৰো গোচৰ ,তেওঁলোকক প্ৰবঞ্চনা কৰা গোচৰ।কাৰণটো শুনিলে ইমান দিনে প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তাৰ ব্ৰেণ্ড তৈয়াৰ কৰা সকলৰ প্ৰতি ঘৃণা উপজিব আপোনাৰ ! চিকবালাপুৰ জিলাৰ চিদলাঘাটা অঞ্চলৰ ৪০ জন শ্ৰমিকে তৰিছে গোচৰ।প্ৰধানমন্ত্ৰী মোডীৰ ৰেলীলৈ ৫০০ টকা দিম বুলি শ্ৰমিক নি ১০০ টকা দিছে বিজেপি কৰ্মীয়ে।এক স্থানীয় টেলিভিছন চেনেলত সেই শ্ৰমিকৰ দলটোৱে কয় “ আমাক পুৱাৰ আহাৰ দিয়া হৈছিল,কিন্তু দুপৰীয়া একো খাবলৈ দিয়া হোৱা নাছিল৷আবেলি আমাক লৈ যোৱা বিজেপিৰ নেতাই ৫০০ টকাৰ পৰিবৰ্তে ১০০ টকাকৈ দিছিল। আমাৰ বাবে ইয়াতকৈ অপমান আৰু কি হ’ব পাৰে?”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.