ধৰ্ষণকাৰীক ধৰি কৰা হ’ব এনকাউণ্টাৰঃ ধৰ্ষণকাৰীক হুংকাৰ দিয়া কোন এই কেবিনেট মন্ত্ৰী?

Share This Article

দেশত ক’ভিডে তাণ্ডৱ চলাই থকাৰ মাজতে এটা জঘন্য ধৰ্ষণকাণ্ডই জোকাৰি গৈছে তেলেংগনা। ৬ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা কৰিলে দুৰ্বৃত্তই। যাৰ ফলত তেলেংগানাত এতিয়াও অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে ধৰ্ষণকাৰীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ৰাজ্যখনৰ এগৰাকী কেবিনেট মন্ত্ৰী। ধৰ্ষণকাৰীক ধৰি এনকাউণ্টাৰ কৰা হব বুলি কঠোৰ মন্তব্য কৰিছে তেলেংগানাৰ শ্ৰম মন্ত্ৰী মল্লা ৰেড্ডীয়ে। ধৰ্ষণকাৰীক বিচাৰি উলিওৱাৰ বাবে তেলেংগানা আৰক্ষীৰ ১০টাকৈ দল নিয়োগ কৰা হৈছে। আনকি ধৰ্ষণকাৰীৰ সন্ধান দিব পাৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে তেলেংগানা প্ৰশাসনে। উল্লেখ্য যে তেলেংগানাৰ শ্ৰম মন্ত্ৰী মল্লা ৰেড্ডীয়ে অতিশীঘ্ৰে ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.