ছেঃ এনেকৈয়ো মাৰেনে?

Share This Article

এজাক ল’ৰাই এজন ল’ৰাক মাৰিছে !মাৰিছে মানে গুৰীয়াইছে,লঠীয়াইছে,কোবাইছে মুঠতে একো নকৰিবলৈ থোৱা নাই।কিন্তু কিয়? কাৰণটো ? কাৰণটো জানিলে আচৰিত হ’ব আপুনি!
গুৰুলাগুৰুলকৈ পিতন খোৱা ল’ৰা জনৰ নাম হিমাংক বাঞ্চাল ।ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদৰ ICFAI ফাউণ্ডেচন ফৰ হায়াৰ ইডুকেশ্যনত।তেওঁক আক্ৰমণ কৰা যিটো ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে সেই ভিডিঅ’টোত ল’ৰা জনক ‘জয় মাতা দি’ আৰু ‘আলাহু আকবৰ’ বুলি চিঞৰা শুনা গৈছে। ল’ৰাটোক আক্ৰমণ কৰা ভিডিঅ’টোত ছাত্ৰৰ জাকটোৰ মাজৰ পৰা এজনে কৈছে “ আমি তেওঁৰ আদৰ্শটো স্থিৰ কৰিব খুজিছোঁ।আমি ইয়াক ক’মাত নোযোৱালৈকে মাৰিম।”

“তোক প্ৰথম দিনাখনেই উত্তৰ ভাৰত -দক্ষিণ ভাৰতক লৈ বিভাজন নানিবলৈ কৈছোলোঁ কিন্তু তই নকৰিলি”-এনেদৰে চিঞৰিছে আন এজন যুৱকে। অৱশ্যে হায়দৰাবাদৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে তাত কোনো উত্তৰ ভাৰত,দক্ষিণ ভাৰতৰ কথা নাই।ইয়াত কেৱল ধৰ্মীয় শ্লোগানৰ বিষয়টোহে আছে। ১২জন যুবকৰ মাজৰ পৰা ৮ জনক ইতিমধ্যে আটক কৰা হৈছে ।ঘটনাস্থলীত উপস্থিত থকা আটাইকেইজন ছাত্ৰকে ইতিমধ্যে শৈক্ষিক প্ৰতিষ্ঠানটোৰ পৰা উলিয়াই দিয়া হৈছে।ঘটনাটো সংঘটিত হৈছিল বিগত ১নবেম্বৰত।সেইদিনা হিমাংক নামৰ ল’ৰা জনে সামাজিক মাধ্যমত হজৰত মহম্মদৰ বিৰুদ্ধে বক্তব্য ৰাখিছিল।উপস্থিত ছাত্ৰ সকলৰ বিৰুদ্ধে ৰেগিঙৰ লগতে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।শিক্ষা প্ৰতিষ্ঠান খনে এক বিজ্ঞপ্তিৰ জৰিয়তে এনেকুুৱা ঘটনাৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি প্ৰয়োগ কৰিব বুলি উল্লেখ কৰে ।লগতে ইতিমধ্যে ১২ জন ছাত্ৰকে প্ৰতিষ্ঠানখনৰ পৰা বহিস্কাৰ কৰাৰ কথাও ঘোষণা কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.