সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’লৈ গ’ল ২০০০ টকীয়া?

২০০০ টকীয়া নোটৰ পৰা আমি বাৰু মুক্ত হ’ম নে?কোনে এই নোট নোহোৱাটো বিচাৰিছে ?
কিয় বিজেপিৰ সাংসদৰেই বিৰোধিতা? কিয় এই ২০০০ টকীয়া নোটবোৰ অনা হৈছিল? ২০০০ টকীয়া নোট দেশৰ শত্ৰু নেকি?এই প্ৰশ্নই জুমুৰি দি ধৰিছে সাধাৰণ মানুহৰ মনবোৰ ।বিহাৰৰ বিজেপি দলৰ ৰাজ্য সভাৰ সাংসদ তথা প্ৰাক্তন বিত্ত মন্ত্ৰী সুশীল কুমাৰ মোডীয়ে ২০০০ টকীয়া নোট খুব সোনকালে বজাৰৰ পৰা আঁতৰ কৰিব লাগে বুলি দাবী তুলিছিল।২০১৬ চনৰ বিমুদ্ৰাকৰণৰ পিছতেই ২০০০ টকীয়া নোটৰ প্ৰচলন হৈছিল৷৫০০ আৰু হাজাৰ টকীয়া নোটৰ পৰিবৰ্তে প্ৰচলন কৰা হৈছিল এই দুহেজাৰ টকীয়া নোটৰ ।বিমুদ্ৰাকৰণৰ সময়ত এনে এটা প্ৰচাৰ চলোৱা হৈছিল যে বিমুদ্ৰাকৰণে ক’লা ধন নোহোৱা কৰিব৷তদুপৰি সন্ত্ৰাসবাদীৰ পুঁজিলৈ ধন সঞ্চালন বন্ধ কৰিব৷কিন্তু ১০০০ বা ৫০০ টকীয়া বন্ধ কৰি ২০০০ টকীয়া প্ৰবৰ্তন কৰিলে কেনেকৈ ই ক’লা ধন নোহোৱা কৰিব তাৰ কোনো সবল যুক্তি নাই চৰকাৰৰ ওচৰত !বিখ্যাত অৰ্থনীতিবিদ প্ৰফেচৰ অৰুণ কুমাৰে কয় যে ইমান বৃহৎ মূল্যৰ টকা ক’লা টকাৰ লগত মিলোৱাটো উচিত নহয়৷যদি লেনদেন সহজ কৰিবলৈ ২০০০ টকীয়া নোট বন্ধ কৰা হৈছে তেন্তে ৫০০ আৰু ১০০০ টকীয়া নোট বন্ধ কৰাৰ উদ্দেশ্য কি?যদি জাল নোটৰ ব্যৱসায় বন্ধ কৰাৰ বাবে ২০০০ টকীয়া নোট বন্ধ কৰা হৈছিল ,তেন্তে পৰিসংখ্যাত সেই তথ্য ওলোৱা নাই।২০০০ টকীয়া জালনোট মুঠ ২.৭২ কোটি আৰু ২০০ টকীয়া মুঠ ১.৬৬ কোটি বিগত ৩ বছৰত জব্দ কৰা হৈছে ।দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত ডাঙৰ নোটে ডাঙৰ ভূমিকা লয়৷উৎকোচ দিয়াৰ ক্ষেত্ৰতো বৃহৎ ভূমিকা লয় ডাঙৰ নোটে৷সুস্থ ব্যৱসায়ৰ বাবে সুস্থ লেনদেনৰ প্ৰয়োজন৷জ্যেষ্ঠ অৰ্থনীতিবিদ প্ৰফেচৰ অৰুণ কুমাৰৰ মতে দুৰ্নীতি অকল নগদ লেনদেনতে নহয়৷হৰ্ছ ট্ৰেডিং,হাৱালৰ ব্যৱসায় আদিৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় বৃহৎ নোটবোৰ।কোটি কোটি টকাৰ দুৰ্নীতি ভূমি হস্তান্তৰ অথবা আন বৃহৎ স্থাৱৰ সম্পত্তি দান হিচাপে আগবঢ়ায়ো কৰিব পাৰি।এইটো সঁচা যে দুৰ্নীতিৰ বহুতো তৰপ আছে ৷অৱশ্যে নগদ ধন উৎকোচ হিচাপে আগবঢ়োৱা বিষয়টো একেবাৰে অৱজ্ঞা কৰিব নোৱাৰি৷যদি ডাঙৰ নোটে এই ক্ষেত্ৰত বৃহৎ ভূমিকা নল’লেহেঁতেন তেন্তে দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতা অথবা বিষয়াৰ ঘৰত ইমান বৃহৎ ধন নোলালেহেঁতেন।সুশীল মোডী সঁচাকৈয়ে ডাঙৰ নোটৰ প্ৰভাৱ নঞৰ্থক বুলি নিশ্চিত নে?সেয়া তেওঁৰ ব্যক্তিগত মত নেকি?সুশীল মোডীৰ দৰে নেতাই নিজৰ ব্যক্তিগত মত সংসদত ৰাখিব নোৱাৰে নেকি?২০০০ টকীয়া নোটবোৰ ক’লৈ গ’ল?২০১৭ ৰ পৰা ২০২২ চনৰ সময়চোৱাত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ১২১৭.৩৩ কোটি ২০০০ টকীয়া নোট ছপা কৰিছিল।যদি ভাৰতৰ জনসংখ্যা ১৪০ কোটি বুলিও ধৰা হয় তেন্তে প্ৰতি জন ভাৰতীয়ৰ বিপৰীতে ৮,৬৯৫ খনকৈ নোট পৰিব লাগিছিল৷মূল্যৰ ফালৰ পৰা চালে প্ৰতিজন ভাৰতীয়ৰ বিপৰীতে ২০০০ টকীয়া প্ৰায় ১৭ ৩৯০.৪২ টকা লেনদেন হৈ আছে।মুঠ ১২১৭.৩৩কোটি টকাৰ ছপা নোটক যদি ২০০০ টকীয়া বুলি ধৰা হয় তেন্তে এই ধনৰ পৰিমাণ হয়গৈ প্ৰায় ২৪ লৰখ ৩৪ হাজাৰ ৬৬০ কোটি ।নিশ্চয়কৈ ই এটা বৃহৎ পৰিসংখ্যা।ইমান বৃহৎ পৰিসংখ্যাৰ ধন ছপা হোৱাৰ পিছতো কিন্তু সেই নোটবোৰ এতিয়া বজাৰত নাই৷বজাৰত ক’লা টকাও নোহোৱা নহ’ল আৰু ২০০০ টকীয়া নোটবোৰো বজাৰত নোহোৱা হ’ল।ৰিজাৰ্ভ বেংকৰ আন এক তথ্য অনুসৰি ২০২২চনৰ ৩১মাৰ্চৰ ভিতৰত ৫০০ আৰু ২০০০ টকীয়া নোটৰ বজাৰ মূল্য আছিল ৮৭.১%.কিন্তু এই ২০০০ নোটবোৰ ক’ত গ’ল?চৰকাৰে এই টকাবোৰ বজাৰৰ লেনদেনত প্ৰচুৰ প্ৰয়োগ হোৱাত গুৰুত্ব দিয়া উচিত।

Leave A Reply

Your email address will not be published.