‘আৰে, আপুনিয়েই কৈ থাকিব নে’ ..

Share This Article

সুৰা নীতি সম্পৰ্কত প্ৰশ্ন কৰাত খং উঠিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ।বিষাক্ত সুৰা সেৱন কৰি মঙলবাৰে ৬ জন লোকৰ মৃত্যু হোৱাৰ ওপৰিও প্ৰায় ১৫ জন লোক গুৰুতৰভাৱে অসুস্থ হৈছিল।বিহাৰৰ চাৰণ জিলাত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সম্পৰ্কত চৰকাৰক প্ৰশ্ন কৰিছিল বিহাৰৰ বিৰোধী নেতা বিজয় কুমাৰ সিনহাই।বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰোধী দলৰ নেতাগৰাকীৰ এই প্ৰশ্নত বুধবাৰে ধৈৰ্যচ্যুতি ঘটিল৷বিহাৰৰ সুৰা নীতি সন্দৰ্ভত প্ৰশ্ন কৰিছিল বিৰোধী দলৰ নেতা বিজয় কুমাৰ সিনহাই।বিৰোধী নেতা জনৰ প্ৰশ্নত ধৈৰ্যচ্যুতি ঘটা নীতিশ কুমাৰে কয় “ আৰে আপুনিয়েই কৈ থাকিব নেকি …”চাৰণ জিলাত সুৰা সেৱন কৰি মৃত্যু হোৱা লোক সম্পৰ্কত প্ৰশ্ন কৰিছিল বিজয় কুমাৰ সিনহাই।মাৰহৌৰা উপ সংমণ্ডলৰ মাছৰাখত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক সুৰা সেৱন কৰি অসুস্থ হৈ পৰে মঙলবাৰে।মঙলবাৰে সন্ধিয়া দয়লা গাঁৱত প্ৰায় ১৫ জন লোকে বিষাক্ত সুৰা সেৱন কৰিছিল।সুৰা সেৱন কৰাৰ প্ৰায় এক ঘণ্টা পিছত সেৱনকাৰী সকল অসুস্থ হৈ পৰিছিল ।সুৰা ট্ৰেজেডীৰ ঘটনাক লৈ সৰৱ হৈছে বিজেপি৷বিজেপিৰ মতে সুৰা নিষিদ্ধ কৰাত চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে৷কংগ্ৰেছেও এই ইছ্যুটোক লৈ তীব্ৰ সমালোচনা কৰিছে নীতিশ কুমাৰৰ চৰকাৰক।প্ৰাক্তন বিহাৰৰ মন্ত্ৰী তথা আৰজেডিৰ বিধায়ক সুধাকৰ সিঙে সুৰা নিষিদ্ধকৰণ সম্পৰ্কত কয় মানসিক ভাৰসাম্যহীন মানুহে যিকোনো বস্তু খায়।“ আপোনালোকে নিষিদ্ধ কৰিব পাৰিব।কিন্তু আপোনালোকে সজাগতা সৃষ্টিৰ জৰিয়তে মানুহক সুৰা সেৱনৰ পৰা আঁতৰাই ৰাখিব পাৰিব৷কিন্তু সুৰা যে জনস্বাস্থ্যৰ বাবে অপকাৰী সেই কথাটো মানুহৰ মনৰ ভিতৰত সুমোৱাই দিব পাৰিব লাগিব”- এনেদৰে কয় সুধাকৰ সিঙে।উল্লেখ্য যে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে সুৰা নিষিদ্ধ কৰিছিল বিহাৰত।কিন্তু তাৰ পিছতো অবৈধ সুৰাৰ প্ৰচলন হ্ৰাস হোৱা নাই ৰাজ্যখনত।সুধাকৰ সিঙে বিহাৰৰ কৃষি মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।বিগত অক্টোবৰত তেওঁ কৃষিমন্ত্ৰীৰ পদ ইস্তফা দিছিল।তেওঁ নিজৰ সমষ্টিত এখন জনসভাত ভাষণ দি কৈছিল যে তেওঁৰ বিভাগটো ‘চোৰে’ৰে ভৰ্তি হৈ আছে আৰু তেওঁ নিজকে চোৰৰ ‘মূৰব্বী’ যেন অনুভৱ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.