ধৰ্মৰক্ষকৰ দিনতেই ধৰ্ম সংকটত !

Share This Article

বলপূৰ্বক ধৰ্মান্তকৰণ ! নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আহিব দেশলৈ !নানান প্ৰলোভন দি ধৰ্মান্তকৰণ কৰাটো অপৰাধ ! বলপূৰ্বক ধৰ্মান্তকৰণ এক ভয়ংকৰ জ্বলন্ত সমস্যা।দেশৰ শান্তি আৰু নিৰাপত্তা বিঘ্নিত কৰিব ধৰ্মান্তকৰণে সোমবাৰে উচ্চতম ন্যায়ালয়ে এই বিষয়টোক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। ন্যায়াধীশ এম আৰ শ্বাহ আৰু হিমা কোহলীৰ বিচাৰপীঠে সোমবাৰে এই বিষয়ে কয় “ যদি এই বলপূৰ্বক ধৰ্মান্তকৰণৰ বিষয়টো সঁচা হয়,তেন্তে ই দেশৰ নিৰাপত্তা আৰু স্বাধীনতাৰ ক্ষেত্ৰত ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিব।”

“ ধৰ্মান্তকৰণৰ সমস্যাটো সমাধান কৰাৰ বাবে কেন্দ্ৰই আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত।অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব অসমত। আপোনালোকে আমাক কি পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰে?আপোনালোকে আমাক কওক”- এনেদৰে কয় বিচাৰপীঠে।দিল্লীৰ এগৰাকী বিজেপি নেতা অশ্বিনী কুমাৰ উপাধ্যায়ে ন্যায়ালয়ত দাখিল কৰা এক জনস্বাৰ্থজনিত আৱেদনৰ ভিত্তিত বিচাৰপীঠে সোমবাৰে এনেদৰে মন্তব্য কৰে ।ধৰ্মান্তকৰণৰ বিষয়টো সম্পৰ্কত পুনৰ ডিচেম্বৰ মাহত শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.