সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপি ত্যাগ ‘বাহুবলী’ৰ

এসেকা দিবলৈ সাজু বিসম্বাদী ! বিজেপিৰ ৬ বাৰৰ বিধায়কে ত্যাগ কৰিলে বিজেপি । ৱাঘ’দিয়াৰ সমষ্টিৰ বিধায়কে এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী । ৱাঘদিয়া সমষ্টিৰ বিজেপি বিধায়ক গৰাকীয়ে ১৯৯৫ চনত বিজেপিত যোগদান কৰিছিল।তেতিয়া তেওঁ আছিল নিৰ্দলীয় বিধায়ক। “ মই বিজেপি লৈ নিজে যোৱা নাছিলোঁ।১৯৯৫ চনত যেতিয়া মই বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈছিলোঁ নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে মোক বিজেপিত যোগদান কৰিবলৈ অনুৰোধ কৰিছিল।সেয়ে মই বিজেপিত যোগদান কৰিছিলোঁ”- এনেদৰে মন্তব্য কৰে বাহুবলীখ্যাত মধুভাই শ্ৰীবাস্তৱে।
মধুভাই শ্ৰীবাস্তৱক সকলোৱে গুজৰাটত ‘বাহুবলী’ বুলিয়ে জানে । প্ৰাৰ্থিত্ব লাভ নকৰি প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত খড়গহস্ত হৈ পৰা শ্ৰীবাস্তৱে কয় যে তেওঁৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰা অশ্বিনী পেটেলে “ বিধানসভাৰ নিৰ্বাচনটো দূৰৰ কথা স্থানীয় নিকায়ৰ নিৰ্বাচনত জয়লাভ কৰাৰ আশাও নাই।”উল্লেখ্য যে অহা ১ আৰু ৫ ডিচেম্বৰত গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন ।২৮২ খন আসনৰ ভিতৰত ১৬০ খন আসনৰ বাবে ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে৷প্ৰথম তালিকাত মুঠ ৩৮ গৰাকী বৰ্তমানৰ বিধায়কে টিকেট লাভ কৰা নাই৷তাৰ ভিতৰত আছে ৫ গৰাকী মন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষ ।প্ৰথমখন প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰাৰ পিছতেই জ্বলাকলা খাইছে বিজেপিয়ে । বিসম্বাদীৰ তৎপৰতালৈ চাই বিৰোধীতকৈ দলীয় বিসম্বাদেহে দলটোক শ’লঠেকত পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

Leave A Reply

Your email address will not be published.