গাঁৱৰ প্ৰতি জন মানুহক মাত দিয়া মানুহজন মুখ্যমন্ত্ৰী হ’ব !

Share This Article

২০২১চনৰ ১২ ছেপ্তেম্বৰ ! সেই দিনটোতেই নভৱা নিচিন্তাকৈয়ে কপাল ফুলিছিল এজন সাধাৰণ ব্যক্তিৰ।সাধাৰণ যদিও ব্যক্তিজন আছিল অসাধাৰণ !১২ ছেপ্তেম্বৰৰ দিনা তেওঁ আন দিনাৰ দৰেই নিজৰ সেই সৰু ঘৰটো এৰি দলৰ এখন জৰুৰী বৈঠকলৈ গৈছিল।সেইদিনা উভতি আহোঁতে তেওঁ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ আহিছিল।কোনো দিনে কোনো বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণ কৰি নোপোৱা ,এসময়ৰ পৌৰসভাৰ দায়িত্বত থকা লোক জন সেই দিনটোতেই হৈ পৰিছিল এখন বিশাল ৰাজ্যৰ মুখ্যমন্ত্ৰী !স্থানীয় সংবাদ মাধ্যম,ৰাষ্ট্ৰীয় সংবাদ মাধ্যম,গুজৰাটৰ ৰাজনীতিৰ আন বাঘা বাঘা নেতা সকল সেই দিনটোত বাকৰুদ্ধ হৈ পৰিছিল,নিউজ কৰিবলৈ তেওঁৰ ফটো বিচাৰি হাহাকাৰ লগাইছিল।সংবাদমাধ্যমতো বাদেই তেওঁৰ পৰিয়ালৰ লোকসকলেও বিশ্বাস কৰা নাছিল এই ঘোষণা।এই ব্যক্তিজন কোন জানে নে?এওঁ হ’ল গুজৰাটৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল।“আমি টিভিত তেওঁৰ নাম ঘোষণা হোৱা দেখি হতভম্ব হৈ পৰিছিলোঁ।বিশ্বাস কৰিব পৰা নাছিলোঁ”- এনেদৰে কয় বৰ্তমানৰ মুখ্যমন্ত্ৰী পেটেলৰ পুত্ৰ ৩২বছৰীয়া অনুজে।
৬০ বছৰীয়া অনভিজ্ঞ পেটেলক কিয় গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ল ?সেয়া পেটেলৰ পৰিয়ালৰ বাবেই এক অবুজ সাঁথৰ !আচলতে ভূপেন্দ্ৰ পেটেল অত্যন্ত সৰল মনৰ মানুহ।কোনো বিতৰ্কই স্পৰ্শ কৰা নাই পেটেলক ।তেওঁ পাটিদাৰ সম্প্ৰদায়ৰ মানুহ।তেওঁ তথাকথিত ৰাজনীতিক নহয়৷সাধাৰণ চোলা আৰু এটা পেণ্ট পৰিধান কৰিয়েই তেওঁ কাৰ্যালয়লৈ যায়।তেওঁ কূৰ্টা-পাইজামা নাইবা চাফাৰী চ্যুট পিন্ধি নিজকে ৰাজনীতিক বুলি পৃথক পৰিচয়েৰে পৰিচিত কৰিব নিবিচাৰে।সেই সাধাৰণ জীৱন যাপন কৰা পেটেলকেই এইবাৰো বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পদৰ বাবে বিচাৰিছে।গুজৰাটৰ ঘাটোলীয়া সমষ্টিৰ পৰা প্ৰতিন্দন্দ্বিতা আগবঢ়াব পেটেলে।২০১৬ চনত আনন্দিবেন পেটেলক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হৈছিল। আনন্দিবেন পেটেলে তেওঁৰ ঘনিষ্ঠ ভূপেন্দ্ৰ পেটেলক তেওঁৰ সমষ্টি ঘাটোলীয়াৰ পৰা প্ৰতিন্দন্দ্বিতা কৰিবলৈ পৰামৰ্শ দিছিল।সেয়াই তেওঁৰ ৰাজ্যিক ৰাজনীতিত প্ৰথম খোজ।সেই পেটেলকেই পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপিয়ে বিচাৰিছে কাৰণ তেওঁ কেতিয়াও দলৰ কৰ্মীৰ নাম আৰু মুখ নাপাহৰে৷প্ৰতিটো গলিৰ প্ৰতিজন মানুহ তেওঁৰ চিনাকি।তেওঁ সংবাদমাধ্যমৰ পৰা সদায় আঁতৰি থাকে৷ৰাজনৈতিক বিশ্লেষক মহলৰ মতে তেওঁ প্ৰধানমন্ত্ৰীৰ ‘ৰাবাৰ ষ্টাম্প’ ,এটা পুতলাহে।”এগৰাকী পৌৰ নিগমৰ সদস্যৰ পৰা মুখ্যমন্ত্ৰীলৈ – এই দীৰ্ঘ দিনৰ সময়চোৱাত তেওঁ সফলতাৰে ধীৰে সুস্থিৰে বহু দূৰ আগুৱাইছে আৰু বহুদূৰ আগুৱাই যাব লাগিব তেওঁ”- এনেদৰে মন্তব্য কৰে তেওঁৰ লগত পৌৰ নিগমৰ সদস্য হিচাপে থকা পীযুষ পেটেলে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.