ৰঙা ভিণ্টেজত উঠি ড্ৰীম গাৰ্ল যায়,নলবৰীয়া মানুহে ঘূৰি ঘুৰি চায়…

Share This Article

নলবাৰী ৰাস মহোৎসৱত পাৰ ভঙা উছাহ জনতাৰ।পোন প্ৰথমবাৰৰ বাবে বৃন্দাবনৰ শিল্পীৰ দ্বাৰা নলবাৰী ৰাসৰ মঞ্চত প্ৰদৰ্শিত হ’ল ময়ূৰ,চৰকোল্লা আৰু দাণ্ডিয়া ৰাস।দৰ্শকৰ সঁ‌হাৰিত আপ্লুত বৰ্হিৰাজ্যৰ শিল্পীসকল।নলবাৰী ৰাস মহোৎসৱৰ সপ্তমটি নিশাও লোকে লোকাৰণ্য হৈ পৰিল পবিত্ৰ হৰিমন্দিৰৰ বাকৰি।দেওবাৰে দুপৰ নিশালৈ জনসমুদ্ৰত পৰিণত হ’ল ৰাস মহোৎসৱথলী।বিৰ দি বাট নোপোৱা অৱস্থা হয় ৰাসস্থলীত৷ যেনিয়ে চকু যায় তেনিয়ে কেৱল মানুহ আৰু মানুহ।আৰু জনতাৰ এই পাৰ ভঙা উছাহ-উদ্দীপনাৰ মাজতে পোনপ্ৰথমবাৰৰ বাবে নলবাৰী ৰাসত উত্তৰ প্ৰদেশৰ বৃন্দাবনৰ পৰা অহা শিল্পীৰ এটি দলে পৰিৱেশন কৰিলে ময়ূৰ,চৰকোল্লা আৰু দাণ্ডিয়া ৰাস।পোন প্ৰথম বাৰৰ বাবে অসমৰ ভুমিত ৰাস প্ৰদৰ্শন কৰি দৰ্শকৰ সঁ‌হাৰিত অভিভূত হৈ পৰে ব্ৰজভূমি সাংস্কৃতিক সংস্থা,বৃন্দাবনৰ তত্বাৱধানত অহা শিল্পীৰ দলটো।উল্লেখ্য যে বিগত ৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা নলবাৰী ৰাস মহোৎসৱৰ অন্ত পৰিব অহা ১৯ নৱেম্বৰত। যিমানেই সামৰণিৰ দিন চাপিছে সিমানেই যেন প্ৰানচঞ্চল হৈ পৰিছে ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ বাকৰিত উদযাপিত ৮৯ সংখ্যক পৱিত্ৰ ৰাস মহোৎসৱ। আজি অৰ্থাৎ সোমবাৰে সন্ধিয়াৰ ভাগত ৰাসস্থলীত উপস্থিত হ’ব বলিউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী৷ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছেহি অভিনেত্ৰীগৰাকী। হৰিমন্দিৰ ৰাস সমিতিয়ে অভিনেত্ৰীগৰাকীক ৰঙা ভিণ্টেজ কাৰেৰে আগবঢ়াই নিয়াৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.