‘যা তা বকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই’

Share This Article

বিগত ১৮ অক্টোবৰত কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল গান্ধী পৰিয়াল সমৰ্থিত প্ৰাৰ্থী মল্লিকাৰ্জ্জুন খাৰ্গে আৰু শশী থাৰুৰে। কিন্তু নিৰ্বাচনত শশী থাৰুৰে লাভ কৰিলে মাত্ৰ ১০৭২ টা ভোট৷তাৰ বিপৰীতে মল্লিকাৰ্জ্জুন খাৰ্গেই লাভ কৰিছিল ৭,৮৯৭ টা ভোট। কংগ্ৰেছৰ এই ভোটগ্ৰহণ প্ৰক্ৰিয়াক লৈ সৰৱ হৈছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। উল্লেখযোগ্য যে ‘হিন্দুস্তান টাইমছ’ৰ এক অনুষ্ঠানত অংশ লৈ ড° হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে শশী থাৰুৰক ভোট দিয়া ১০০০ কংগ্ৰেছীয়ে গণতন্ত্ৰত বিশ্বাস কৰে ,সেয়ে তেওঁলোকে অনতিপলমে বিজেপিত যোগদান কৰাতো নিশ্চিত। ইয়াৰ উত্তৰত শনিবাৰে পৰাজিত প্ৰাৰ্থী শশী থাৰুৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল এনেদৰে“ কেৱল কাপুৰুষেহে বিজেপিত যোগদান কৰিব।” তাৰ বিপৰীতে শশী থাৰুৰৰ নিৰ্বাচনী এজেণ্ট চালমান এনীজ চ’জে টুইটাৰত লিখিছে “ সেই ১০৭২ জন প্ৰতিনিধিৰ ভিতৰত ময়ো এজন আছিলোঁ। আমি পৰাজিত হ’লো৷ দলৰ আভ্যন্তৰীণ অনুশাসনৰ বাবে আনগৰাকী প্ৰাৰ্থী জয়ী হ’ল।যদি ভাৰতত কেৱল মাত্ৰ এটাই দল থাকে আৰু সেইটো বিজেপি হয়,তথাপিও মই বিজেপিত যোগদান নকৰোঁ।অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক mention কৰি দিয়া টুইটাৰৰ প্ৰত্যুত্তৰত তেওঁ কয় বিজেপি দলত সুবিধাবাদী আৰু কাপুৰুষেৰে ভৰি আছে। আনহাতে,অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ উদ্ধৃতি দি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে লিখিছে “ তেওঁ মুখৰ কোনো লেকাম নাই। যি মন যায় তাকেই কয়।” আন এগৰাকী কংগ্ৰেছ নেতা পৱন খেৰাই টুইটাৰত লিখিছে “ এই মানুহজনৰ মন এতিয়াও কংগ্ৰেছতেই আছে।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.