নলিনী এতিয়া ক’লৈ যাব?

Share This Article

কাৰাগাৰৰ পৰা ওলাই কি ক’লে ৰাজীৱ গান্ধীৰ হত্যাকাৰীয়ে? বিগত ১১নবেম্বৰত উচ্চতম ন্যায়ালয়ে গান্ধীৰ হত্যাৰ লগত জড়িত ৬ গৰাকী অভিযুক্তক মুক্তি দিয়ে।ভাল ব্যৱহাৰ আৰু বেয়া স্বাস্থ্যৰ বাবে তেওঁলোকক মুক্তি দিয়া বুলি উল্লেখ কৰে ন্যায়ালয়ে।শনিবাৰে কাৰাগাৰৰ পৰা মুক্ত হৈ ৰবিচন্দ্ৰনে কয় তেওঁলোকক প্ৰকৃততে জনতাই ‘ভুক্তভোগী’ হিচাপেহে চোৱা উচিত তেওঁলোক সন্ত্ৰাসবাদী অথবা হত্যাকাৰী নহয়।”সময় আৰু ক্ষমতাই কোন স্বাধীনতা সংগ্ৰামী অথবা কোন সন্ত্ৰাসবাদী তাৰ সিন্ধান্ত ল’ব৷আমি প্ৰকৃততে নিৰ্দোষী কিন্তু তথাপিও আমাক সন্ত্ৰাসবাদী হিচাপে অভিযুক্ত কৰা হৈছে”- পুনৰ এনেদৰে কয় ৰবিচন্দ্ৰনে।নলিনী আৰু ৰবিচন্দ্ৰনে বিগত আগষ্ট মাহতে উচ্চতম ন্যায়লয়ত সোনকালে কাৰাগাৰৰ পৰা মুক্তি বিচাৰি আৱেদন জনাইছিল। ২০২১ চনৰ ডিচেম্বৰৰ পৰা দুয়ো পেৰলত মুক্ত হৈ আছে।নলিনী,নলিনীৰ স্বামী শ্ৰীহৰণকে ধৰি মুঠ ৭ গৰাকী অভিযুক্তক ১৯৯১ চনত ৰাজীৱ গান্ধী হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। নলিনীয়েই একমাত্ৰ দীৰ্ঘ সময় ধৰি কাৰাগাৰত থকা ভাৰতীয় মহিলা৷শনিবাৰে ন্যায়ালয়ৰ ৰায়ৰ পিছত তেওঁ তামিলনাডুৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনায়। নলিনীয়ে অৱশ্যে গান্ধী পৰিয়ালৰ কোনো সদস্যক সাক্ষাৎ কৰাৰ কথা ভৱা নাই৷নলিনীয়ে কয় “মই মোৰ পৰিয়ালৰ লগত থাকিব বিচাৰোঁ মোৰ স্বামী য’লৈকে যায়,ময়ো তালৈকে যাম৷আমি বিগত ৩২ বছৰ ধৰি পৃথকে আছোঁ৷আমাৰ পৰিয়ালবোৰ আমাৰ বাবে ৰৈ আছে৷”নলিনীৰ স্বামী শ্ৰীহৰণ এগৰাকী শ্ৰীলংকাৰ নাগৰিক৷অৱশ্যে নলিনীহঁতে এতিয়া শ্ৰীলংকালৈ উভতি যোৱাৰ কথা ভবা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.