মিষ্টাৰ ৫৬ ইঞ্চি এতিয়া চীনক ৰঙা চকু নেদেখুৱায় কিয়ঃ মোডীক কটাক্ষ ৰাহুল গান্ধীৰ

Share This Article

ভাৰত-চীনৰ শেহতীয়া সম্পৰ্কক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছৰ ৰাজকুমাৰ ৰাহুল গান্ধীয়ে। উল্লেখ্য যে বিগত দেওবাৰে ভাৰতীয় আৰু চীনা সেনাৰ মাজত অনুষ্ঠিত হোৱা ১৩ সংখ্যক আলোচনা বিফল হৈছিল। লাডাখ সমস্যাক লৈ অনুষ্ঠিত হৈছিল এই ৰুদ্ধদ্বাৰ বৈঠক। এই বৈঠকৰ পিছতেই ভাৰত আৰু চীন দুয়োখন দেশেই পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে অভিযোগ-প্ৰতি অভিযোগ আনিছিল। চীনা সৈন্যই ভাৰতীয় ভূমিত অবৈধ প্ৰৱেশৰ অভিযোগ উঠিছে। গবিবাদমান এলেকাৰ পৰা আঁতৰি নোযোৱাৰ হুংকাৰ দিছিল চীনা সৈন্যই। অৱশ্যে নিজৰ স্থিতিত অটল হৈ আছে ভাৰতীয় সেনা। সেয়েহে ইয়াকে লৈ শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে গৰম হৈ পৰিছে দেশৰ ৰাজনীতি। ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোডীক উদ্দেশ্যি কয় যে প্ৰধানমন্ত্ৰীয়ে এতিয়া কিয় চীনক ৰঙা চকু নেদেখুৱায়? মোডীক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে চীনৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ সোপাঢিলা স্থিতিক সমালোচনা কৰে। অৱশ্যে ৰাহুল গান্ধীৰ এই বাক বিস্ফোৰণৰ পিছত ভাৰত চৰকাৰে কি প্ৰত্যুত্তৰ দিব পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.