সুখবৰঃ ১৮ অক্টোবৰৰ পৰা ১০০% যাত্ৰীৰে চলিব দেশীয় বিমান

Share This Article

প্ৰায় ২টা বছৰৰ বিৰতিৰ অন্তত দুর্গোৎসৱৰ পিছতেই অহা ১৮ অক্টোবৰৰ পৰা এশ শতাংশ যাত্রীৰে দেশীয় বিমান সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷ বিমানত যাত্রীৰ আসনৰ ক্ষমতাক লৈ কোনো নিষেধাজ্ঞা নথকাকৈ ১৮ অক্টোবৰৰ পৰা বিমান সেৱা আৰম্ভ হ’ব৷ কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে প্রকাশ কৰা মতে বর্তমান ৮৫ শতাংশ যাত্রীৰে দেশীয় বিমান সেৱা চলি আছে৷ বিমান যাত্রীৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি দেশৰ ক’ভিড পৰিস্থিতিৰ পর্যালোচনাৰ অন্তত এশ শতাংশ যাত্ৰীৰে দেশীয় বিমান চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ দেশৰ সকলো প্রান্তলৈ বিমান সেৱা পুনৰ স্বাভাৱিক ৰূপত চলাচল কৰোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলিও মন্ত্রালয়ে প্রকাশ কৰিছে৷ অৱশ্যে ভ্রমণৰ সময়ছোৱাত যাত্রীসকলে ক’ভিড প্রট’কল মানি চলিব লাগিব বুলিও মন্ত্রালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে৷ মন কৰিবলগীয়া যে চলিত বর্ষৰ মার্চৰ পৰা ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ পিছত ১ জুনৰ পৰা ৫ জুলাইলৈ ৫০ শতাংশ যাত্ৰীৰে বিমান চলাচলৰ অনুমতি আছিল৷ পৰৱর্তী সময়ত ৫ জুলাইৰ পৰা ১২ আগষ্টলৈ ৬৫ শতাংশ আৰু ১৩ আগষ্টৰ পৰা ৮৫ শতাংশ যাত্রীৰে বিমান চলাচলৰ অনুমতি দিয়া হৈছে৷ সম্প্রতি ক’ভিড সংক্রমণৰ হাৰ নিম্নগামী হোৱাৰ বাবে সম্পূর্ণ আসন ক্ষমতাৰে বিমান চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.