দুখবৰঃ পূজা চাবলৈ গৈ মেঘালয়ৰ গাৰো পাহাৰত মটৰ চাইকেল দুৰ্ঘটনাত প্ৰাণ গল অসমৰ দুই যুৱকৰ

Share This Article

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অসম মেঘালয় সীমান্তবৰ্তী টেপৰপাৰা গাঁৱৰ দুই যুৱকে কালি সন্ধিয়া এখন মটৰ চাইকেল লৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গাৰোবাধাত পূজা চাবলৈ গৈ ঘৰলৈ উভতাৰ পথত মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ দুয়ো মৃত্যু মুখত পৰে। যুৱক দুজনক টেপৰপাৰা গাঁৱৰ ছামাদ শেখৰ পুত্ৰ মুলুক চান্দ শেখ (৩২) আৰু ৰিয়াজ উদ্দীনৰ পুত্ৰ আহিনুৰ ইছলাম (৩০) বুলি চিনাক্ত কৰা হৈছে। সম্প্ৰতি দুয়োৰে মৃতদেহ মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তুৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.