লক্ষ্য ২০২৪ : দিল্লীত আৰম্ভ হৈছে নৈশভোজৰ ৰাজনীতি

Share This Article

বিৰোধীক ঐক্যবদ্ধ কৰাৰ বাবে এইবাৰ উদ্যোগ গ্ৰহণ কৰিছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে ৷ এই প্ৰক্ৰিয়াৰ অংশ হিচাপে অহা ২০ আগষ্টত বিৰোধী নেতাসকলৰ সৈতে এখন ভাৰ্ছুৱেল বৈঠকত মিলিত হ’ব কংগ্ৰেছ সভানেত্ৰীগৰাকী ৷এই বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী  , তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন , মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে , এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ  উপস্থিত থকাৰ সম্ভাৱণা আছে ৷ সূত্ৰৰ খবৰ অনুসৰি , সেইদিনাই বিৰোধী নেতাসকলক নৈশভোজৰ বাবে কংগ্ৰেছ সভানেত্ৰীগৰাকীৰ তৰফৰ পৰা নিমন্ত্ৰণ জনোৱা হ’ব ৷

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত বিভিন্ন ইছ্যুত বিৰোধীক একগোট হোৱা দেখা গৈছে ৷ বৃহস্পতিবাৰেও ১৫ টা বিৰোধী দলক ঐক্যবদ্ধ হোৱা দেখা গৈছে ৷ তাৰ মাজতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে বিৰোধী এতিয়া একজোট হৈছে ৷ ২০ আগষ্টত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে বিভিন্ন ৰাজ্যৰ বিৰোধী দলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ’ব ৷মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীও উক্ত বৈঠকলৈ আমন্ত্ৰিত হৈছে ৷

ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা কপিল ছিব্বালৰ ঘৰতো এক নৈশভোজত মিলিত হৈছিল কেবাগৰাকীও বিৰোধী নেতা ৷ তাৰ ভিতৰত আছিল তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰায়েন , সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ , শিৱসেনাৰ সঞ্জয় ৰাউত , নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা আদি ৷এইদৰেই ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণকৌশল তৈয়াৰৰ বাবে দিল্লীত এতিয়া নৈশভোজৰ ৰাজনীতি আৰম্ভ হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.