দিল্লীৰ ৰাজপথত কিয় নামিল বিৰোধী ?

Share This Article

পেগাছাছ ছফটৱেৰৰ অপপ্ৰয়োগ আৰু ক’লা কৃষি আইনৰ বিৰুদ্ধে বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদ অব্যাহত আছে ৷বৃহস্পতিবাৰে সংসদ ভবনৰ পৰা দিল্লীৰ বিজয় চ’ক পৰ্যন্ত প্ৰতিবাদী সমদল উলিয়ালে  কংগ্ৰেছ , শিবসেনাসহ বিৰোধী দলৰ নেতাসকলে ৷তাৰ পূৰ্বে ১৫ টাকৈ বিৰোধী দলৰ নেতা এখন বৈঠকত মিলিত হয় ৷ বৈঠকৰ পাছতে হাতে হাতে প্লে কাৰ্ড লৈ সমদল উলিয়ায় বিৰোধী নেতাসকলে ৷

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে পেগাছাছ , কৃষি আইনসহ একাধিক বিষয় সংসদত উত্থাপণ কৰা হৈছে ৷ কিন্তু বিৰোধীক সংসদত কথা ক’বলৈ দিয়া হোৱা নাই ৷ এয়া গণতন্ত্ৰৰ হত্যা ৷

কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ মতে কেন্দ্ৰই সংসদ ঠিকমতে চলিবলৈ দিয়া নাই ৷ কোনো আলোচনা নোহোৱাকৈ আইন গৃহীত কৰি গৈছে ৷ দেশৰ অৰ্থনীতি ,ভেকচিন , নিবনুৱা সমস্যা , কৃষি আইন আদি বিষয়সমূহত চৰকাৰে মূৰ পোলোকা মাৰিছে ৷

শিবসেনা সাংসদ সঞ্জয় ৰাউতে কয় যে সংসদত বিৰোধীক মত প্ৰকাশৰ সুযোগ দিয়া হোৱা নাই ৷

উল্লেখ্য যে সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পাছৰে পৰা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ আহিছে বিৰোধী দলসমূহ ৷ বিৰোধীয়ে ধাৰাবাহিকভাৱে পেগাছাছ কাণ্ডৰ তদন্ত , কৃষি আইন বাতিলৰ দাবী জনাই আহিছে ৷ কিন্তু বিৰোধীৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ প্ৰতিবাদত সংসদ অচল কৰি ৰাখিছে বিৰোধী দলসমূহে ৷সেয়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই লোকসভা স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে ৷ ইয়াৰ পাছতেই ৰাজপথত নামি বিৰোধী দলসমূহে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.