হয় ‘ঝুমলা’ নহয় ‘হামলা’ -প্ৰধানমন্ত্ৰীৰ ‘ডাবল ইঞ্জিন’ প্ৰকৃততে কি?

Share This Article

ডাবল ইঞ্জিন মানে হয় ‘ঝুমলা’,নহয় ‘হামলা’
ইডি,চিবিআই – কেন্দ্ৰৰ ‘চিকাৰী কুকুৰ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায়েই ‘ডাবল ইঞ্জিন’ৰ চৰকাৰৰ কথা কয় !এই ‘ডাবল ইঞ্জিন’ৰ ভেদ ভাঙিছে তেলেংগানাৰ এগৰাকী মন্ত্ৰীয়ে ৷ ‘ডাবল ইঞ্জিন’ৰ কথা অৱশ্যে প্ৰধানমন্ত্ৰী মোডীৰ মুখতেই নহয়,সভাপতি জে পি নাড্ডা,গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখতো আখৈ ফুটাদি ফুটে ৷

কিন্তু কি এই ‘ডাবল ইঞ্জিন?

এই ‘ডাবল ইঞ্জিনৰ বিষয়টো বুজাই দিছে তেলেংগানাৰ মন্ত্ৰী কে.টি ৰামাৰাৱে ৷ ৰামাৰাৱৰ মতে ‘হয় ঝুমলা,নহয় হামলা’ এয়া হ’ল ডাবল ইঞ্জিনৰ চৰকাৰৰ ৰহস্য ৷ কেটিআৰৰ মতে কেন্দ্ৰই চিবিআই আৰু ইডিক তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লগাবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ “সকলোৱে যদি তেলেংগানা ৰাষ্ট্ৰীয় সমিতি,মুখ্যমন্ত্ৰী কেচিআৰৰ দৰে কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হয়,তেন্তে কেন্দ্ৰই প্ৰতিপক্ষক পৰাস্ত কৰাৰ বাবে হয় ‘ঝুমলা’ মানে ভুৱা প্ৰতিশ্ৰুতিৰ সহায় ল’ব নহয়,’হামলা’ মানে ইডি,চিবিআই,নিয়া,আইটি আদিৰ দ্বাৰা অভিযান চলাই আক্ৰমণ আৰম্ভ কৰিব ৷
এয়াই তেওঁলোকৰ ‘ডাবল ইঞ্জিন’ চৰকাৰৰ ৰহস্য৷মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যিক বিজেপিৰ মূৰব্বী বান্দী সঞ্জয়ক সকীয়াই দিব বিচাৰোঁ যে ইডিয়ে আমাক একো কৰিব নোৱাৰে”-এনেদৰে এখন জনসভাত মন্তব্য কৰে কেটিআৰে ৷ তেওঁৰ দলৰ নামটো সলনি সন্দৰ্ভত কেটিআৰে কয় “তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ পৰা আমাৰ দলৰ নাম ভাৰত ৰাষ্ট্ৰ সমিতি কৰাটোৱেই আমাৰ দলটো ৰাজ্যিক ৰাজনীতিৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ প্ৰৱেশ কৰাৰ ইংগিত বহন কৰিছে৷”

” কোনো চিন্তাৰ দৰকাৰ নাই৷আমাৰ পতাকা,আমাৰ এজেণ্ডা,আমাৰ নেতা,আমাৰ চিহ্ন সকলোবোৰ একেই থাকিব৷টিআৰএছে কেৱল আমাৰ ৰাজ্যৰ পৰিসীমা বৃদ্ধি কৰিব”- এনেদৰে মন্তব্য কৰে কেটিআৰে ৷

ইয়াৰ আগতেও তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ সদস্য কিটিআৰে বিগত ৭ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আটাইতকৈ অযোগ্য প্ৰধানমন্ত্ৰী বুলি সমালোচনা কৰি কেবল ইডি,চিবিআই,আইটি আদিৰ দৰে তেওঁলোকৰ চিকাৰী কুকুৰক বিৰোধী দলৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বুলি কৈছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.