বেমাৰৰ বাবে নহয়,বতৰৰ বাবে বন্ধ বিদ্যালয়

Share This Article

বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি কৰিছে দেশৰ কেইখনমান ৰাজ্যত। দেশৰ কেইবাখনো ৰাজ্যলৈ বতৰ বিজ্ঞান কেন্দ্ৰই এই সম্পৰ্কত জাৰি কৰিছে নিৰ্দেশনা । ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই কেইদিনত। দিল্লী, উত্তৰ প্ৰদেশৰ লগতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু লক্ষদ্বীপত মূষলধাৰ বৰষুণৰ আশংকা কৰিছে বিভাগটোৱে।বতৰ বিজ্ঞান কেন্দ্ৰই এই সকলো ৰাজ্যতে বৰষুণৰ সময়চোৱাত বিদ্যালয়-মহাবিদ্যালয় সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে।১১ নৱেম্বৰত দিল্লীত তাপমাত্ৰা নূন্যতম ১৬ ডিগ্ৰী ছেলচিয়াছ আৰু অত্যাধিক ২৯ ডিগ্ৰী ছেলচিয়াছ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বিভাগটোৱে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.