পুনৰ নিষিদ্ধ ৰামদেৱৰ ঔষধ

Share This Article

কিয় বন্ধ কৰা হল ৰামদেৱৰ পতঞ্জলিৰ ৫টাকৈ ঔষধ? ৰামদেৱৰ পতঞ্জলিৰ ৫টা ঔষধ বন্ধ কৰাৰ নিৰ্দেশ দিছে উত্তৰাখণ্ডত। দিব্যা ফাৰ্মাচীক এই ৫ বিধ ঔষধ প্ৰস্তুত বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে অনুজ্ঞাপত্ৰ নিৰ্দেশকাৰী সংস্থাই। উল্লেখযোগ্য যে পতঞ্জলিৰ ঔষধসমূহো এই ফাৰ্মাচীত তৈয়াৰ কৰা হয়। বিপিঘৃত, মধুঘৃত, থাইৰোঘৃত, লিপিডম, আইঘৃত গোল্ড টেবলেট নিষিদ্ধ ঘোষণা কৰিছে সংস্থাটোৱে। এই নিষিদ্ধ ঘোষিত ঔষধসমূহ ৰক্তচাপ, ডায়েবেটিচ, গইটাৰ, গ্লুকোমা, উচ্চ কলেষ্টৰেলত আক্ৰান্ত ৰোগীৰ সেৱনৰ বাবে উপযুক্ত বুলি ৰামদেৱৰ কোম্পানীৰ ফালৰ পৰা ইমানদিনে বিজ্ঞাপন দি অহা হৈছিল । উত্তৰাখণ্ডৰ আয়ুৰ্বেদ আৰু ইউনানী লাইচেন্সিং অথৰিটীয়ে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ এই আয়ুৰ্বেদিক প্ৰডাক্টসমূহ নিষিদ্ধ ঘোষণা কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.