সংগীহীনতাই হ’ব নেকি থাকৰেৰ সংগী ?

Share This Article

জে’লৰ পৰা ওলায়েই সুৰ সলাইছে সাংসদ সঞ্জয় ৰাৱটে। একনাথ সিন্দে-দেৱেন্দ্ৰ ফাৰ্ণাভিছ চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাৱট ।উল্লেখ্য যে মোডী চৰকাৰৰ বিৰুদ্ধে পূৰ্বে সততে আক্ৰমণাত্মক আছিল সঞ্জয় ৰাৱট।জে’লৰ পৰা ওলায়েই মোডী-অমিত শ্বাহক সাক্ষাতৰ ইচ্ছা ব্যক্ত কৰিছে সাংসদগৰাকীয়ে।বিগত তিনিমাহ জে’লত থাকি ভয় খাইছে নেকি সঞ্জয় ৰাৱতে ?নে আন কিবা ৰাজনৈতিক ৰহস্য আছে সঞ্জয় ৰাৱটৰ সুৰ সলনিৰ আঁৰত?তাকে লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছে গভীৰ ৰহস্যৰ।নে ED ৰ দ্বাৰা চলিছে বিৰোধীৰ মুখত তলা লগোৱাৰ অভিযান?”হয়,মহাৰাষ্ট্ৰত গঠন হোৱা নতুন চৰকাৰ সম্পূৰ্ণ ৰূপে অবৈধ, অসাংবিধানিক এই চৰকাৰ”-এইয়া তিনি মাহৰ আগৰ সঞ্জয় ৰাৱটৰ মন্তব্য আছিল।অৱশ্যে সেই সময়ত ধনৰ অবৈধ সৰবৰাহৰ গোচৰত ED য়ে গ্ৰেপ্তাৰ কৰা নাছিল সঞ্জয় ৰাৱটক।বিগত ৩১জুলাইত এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ED য়ে অবৈধ ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল সাংসদগৰাকীক।গ্ৰেপ্তাৰৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহক সততেই সমালোচনাৰে থকা সৰকা কৰি অহা সঞ্জয় ৰাৱট বিগত ৩ মাহ ধৰি কাৰাগাৰতে আছিল। মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ ৰাজনৈতিক  বিভাজন,বিসম্বাদী নেতা একনাথ সিন্দেৰ চৰকাৰ গঠনৰ সময়তো সঞ্জয় ৰাৱটক দেখা গৈছিল উদ্ধব থাকৰে শিবিৰৰ অন্যতম মুখপাত্ৰ হিচাপে।বিসম্বাদী শিবিৰ,একনাথ সিন্দে,দেৱেন্দ্ৰ ফাৰ্ণাভিছ লগতে চৰকাৰ বিভাজনকলৈ বিজেপি চৰকাৰ নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহকো তীব্ৰ সমালোচনা কৰিছিল সঞ্জয় ৰাৱটে।ইয়াৰ কিছুদিন পাছতেই ৩১ জুলাইত ED এ গ্ৰেপ্তাৰ কৰে সঞ্জয় ৰাৱটক। ED এ অভিযান চলাই জব্দ কৰিছিল ৰাৱটৰ ঘৰৰ পৰা ১১লাখ ৫ হাজাৰ টকা। সঞ্জয় ৰাৱটৰ বিৰুদ্ধে আছিল ১,0৩৯ কোটি টকীয়া ভূমি কেলেংকাৰিৰ অভিযোগ। তিনিমাহ পূৰ্বে সঞ্জয় ৰাৱটক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। বুধবাৰে সঞ্জয় ৰাৱটৰ জামিন মঞ্জুৰ কৰিলে মুম্বাইৰ বিশেষ আদালতে।
মুম্বাই অৰ্থাৰ জেলৰ পৰা মুকলি আকাশৰ তললৈ আহিল সঞ্জয় ৰাৱট।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.