Investigative reporting with dedication.

উত্তৰ প্ৰদেশত কৃষক হত্যাৰ প্ৰতিবাদত আজি মহাৰাষ্ট্ৰচ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব কৃষক সকলে। সেয়েহে আজি মহা বিকাশ আঘাদী বা MVA চৰকাৰে উত্তৰ প্ৰদেশৰ কৃষকসকলৰ সৈতে একত্ৰিত হৈ বন্ধ আহ্বান কৰাৰ বাবে সমগ্ৰ মহাৰাষ্ট্ৰত বন্ধ থাকিব দোকান-পোহাৰ। কৃষকসকলৰ প্ৰতিবাদৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত আঠজন লোকৰ মৃত্যু হোৱাৰ এসপ্তাহ পিছত এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিছে কৃষক সমাজ তথা MVA চৰকাৰে।




