সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুৰুত্বই নিদিলে প্ৰধানমন্ত্ৰীৰ কথা !

কৃপাল পাৰমাৰক মনত আছে নে?সেই যে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত নুঠিবলৈ কোৱা বিজেপি নেতাজন…
কি সিন্ধান্ত ল’লে পাৰমাৰে? উঠিলেনে নিৰ্বাচনত ? শুনিলে নে প্ৰধানমন্ত্ৰীৰ কথা?নাই,নুশুনিলে, পাৰমাৰে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব ।নিৰ্বাচনত উঠিব বুলি ভাবিছে যেতিয়া উঠিবই তেওঁ !প্ৰধানমন্ত্ৰীতো বাদেই,স্বয়ং ব্ৰহ্মাৰ কথাও নুশুনে বিসম্বাদীয়ে ।প্ৰধানমন্ত্ৰীৰ বুজনিতো সেও নামানিলে বিসম্বাদীয়ে ! ফতেহপুৰ বিধানসভাৰ পৰা নিৰ্বাচনত উঠিবই পাৰমাৰ।৬৩ বছৰীয়া পাৰমাৰ বিগত ১৫ বছৰ ধৰি খড়গহস্ত হৈ আছে বিজেপি সভাপতি জেপি নাড্ডাৰ ওপৰত।“মোৰ আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজতহে ৰণখন হ’ব৷বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ কোনো গুৰুত্ব নাই এই নিৰ্বাচনত”- এনেদৰে কয় পাৰমাৰে।উল্লেখযোগ্য যে অহা ১২ নবেম্বৰত হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷বিজেপিৰ বাবে এই যুদ্ধখন হ’ব যথেষ্ট কঠিন।কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ দিয়াতকৈ বিজেপিৰ যুঁজ হ’ব বিদ্ৰোহী বিজেপিৰ বিৰুদ্ধেহে।“ মোডীজীয়ে মোক প্ৰতিন্দন্দ্বিতা নকৰিবলৈ কৈছিল৷কিন্তু তেওঁ পলমকৈ মোলৈ ফোনটো কৰিলে৷আমাৰ সম্পৰ্ক প্ৰায় ২৫ বছৰ পুৰণি৷তেওঁ যেতিয়া হিমাচল প্ৰদেশৰ দায়িত্বত আছিল,মই আছিলো দলৰ উপসভাপতি৷আমি একেলগে ঘূৰিছিলোঁ৷মই তেওঁক ভগৱানৰ দৰে জ্ঞান কৰোঁ”- এনেদৰে মন্তব্য কৰিছিল পাৰমাৰে।বিজেপিৰ প্ৰায় ৬৮ জন বিসম্বাদীয়ে এইবাৰ বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াইছে।
“মই নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিমেই৷মই মোডীজীক কৈছোঁ যে তেওঁ যদি এক ছেকেণ্ডো আগত ফোন কৰিলেহেঁতেন,তেন্তে মই মনোনয়ন পত্ৰ উঠাই ল’লোহেঁতেন।কিন্তু তেওঁ মোক কৈছিল যে তেওঁক জনোৱা হোৱা নাছিল৷কি ঠিক কিবা ষড়যন্ত্ৰ কৰিয়েই হয়তো তেওঁ কোৱা নাছিল”- এনেদৰে কয় পাৰমাৰে।পাৰমাৰৰ ক্ষোভ বিজেপি সভাপতি নাড্ডাৰ বিৰুদ্ধে৷তেওঁলোক দুয়ো বিদ্যালয়ৰ দিনৰে সহপাঠী৷কিন্তু এতিয়া সম্পৰ্ক তিক্ততাপূৰ্ণ। ৬৮ গৰাকী বিসম্বাদী বিজেপিয়ে কি খেলা দেখুৱায় সেয়া ৮ ডিচেম্বৰতহে জানিব পৰা যাব।

Leave A Reply

Your email address will not be published.