গুৰুত্বই নিদিলে প্ৰধানমন্ত্ৰীৰ কথা !

Share This Article

কৃপাল পাৰমাৰক মনত আছে নে?সেই যে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত নুঠিবলৈ কোৱা বিজেপি নেতাজন…
কি সিন্ধান্ত ল’লে পাৰমাৰে? উঠিলেনে নিৰ্বাচনত ? শুনিলে নে প্ৰধানমন্ত্ৰীৰ কথা?নাই,নুশুনিলে, পাৰমাৰে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব ।নিৰ্বাচনত উঠিব বুলি ভাবিছে যেতিয়া উঠিবই তেওঁ !প্ৰধানমন্ত্ৰীতো বাদেই,স্বয়ং ব্ৰহ্মাৰ কথাও নুশুনে বিসম্বাদীয়ে ।প্ৰধানমন্ত্ৰীৰ বুজনিতো সেও নামানিলে বিসম্বাদীয়ে ! ফতেহপুৰ বিধানসভাৰ পৰা নিৰ্বাচনত উঠিবই পাৰমাৰ।৬৩ বছৰীয়া পাৰমাৰ বিগত ১৫ বছৰ ধৰি খড়গহস্ত হৈ আছে বিজেপি সভাপতি জেপি নাড্ডাৰ ওপৰত।“মোৰ আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজতহে ৰণখন হ’ব৷বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ কোনো গুৰুত্ব নাই এই নিৰ্বাচনত”- এনেদৰে কয় পাৰমাৰে।উল্লেখযোগ্য যে অহা ১২ নবেম্বৰত হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷বিজেপিৰ বাবে এই যুদ্ধখন হ’ব যথেষ্ট কঠিন।কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ দিয়াতকৈ বিজেপিৰ যুঁজ হ’ব বিদ্ৰোহী বিজেপিৰ বিৰুদ্ধেহে।“ মোডীজীয়ে মোক প্ৰতিন্দন্দ্বিতা নকৰিবলৈ কৈছিল৷কিন্তু তেওঁ পলমকৈ মোলৈ ফোনটো কৰিলে৷আমাৰ সম্পৰ্ক প্ৰায় ২৫ বছৰ পুৰণি৷তেওঁ যেতিয়া হিমাচল প্ৰদেশৰ দায়িত্বত আছিল,মই আছিলো দলৰ উপসভাপতি৷আমি একেলগে ঘূৰিছিলোঁ৷মই তেওঁক ভগৱানৰ দৰে জ্ঞান কৰোঁ”- এনেদৰে মন্তব্য কৰিছিল পাৰমাৰে।বিজেপিৰ প্ৰায় ৬৮ জন বিসম্বাদীয়ে এইবাৰ বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াইছে।
“মই নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিমেই৷মই মোডীজীক কৈছোঁ যে তেওঁ যদি এক ছেকেণ্ডো আগত ফোন কৰিলেহেঁতেন,তেন্তে মই মনোনয়ন পত্ৰ উঠাই ল’লোহেঁতেন।কিন্তু তেওঁ মোক কৈছিল যে তেওঁক জনোৱা হোৱা নাছিল৷কি ঠিক কিবা ষড়যন্ত্ৰ কৰিয়েই হয়তো তেওঁ কোৱা নাছিল”- এনেদৰে কয় পাৰমাৰে।পাৰমাৰৰ ক্ষোভ বিজেপি সভাপতি নাড্ডাৰ বিৰুদ্ধে৷তেওঁলোক দুয়ো বিদ্যালয়ৰ দিনৰে সহপাঠী৷কিন্তু এতিয়া সম্পৰ্ক তিক্ততাপূৰ্ণ। ৬৮ গৰাকী বিসম্বাদী বিজেপিয়ে কি খেলা দেখুৱায় সেয়া ৮ ডিচেম্বৰতহে জানিব পৰা যাব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.