Investigative reporting with dedication.

১৬ অক্টোবৰত অনুষ্ঠিত হব AICCৰ এখন বিশেষ বৈঠক। এই বৈঠকত আগন্তুক ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা হব লগতে AICCৰ এগৰাকী নতুন সভাপতি নিৰ্বাচন কৰা হব। উল্লেযোগ্য যে বৰ্তমান ছোনিয়া গান্ধী নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্যনিবাহ কৰি আছে। এগৰাকী পূৰ্ণগামী সভাপতি বিচাৰি কপিল চিবলকে ধৰি কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতাই বিদ্ৰোহ কৰিব লৈছে। কংগ্ৰেছ বিপৰ্যয়ৰ মূলতে নেহেৰু গান্ধী পৰিয়াল বুলি দলৰ বাহিৰে ভিতৰে অভিযোগ উঠিছে। আনকি BJP ৰ বিকল্পৰ সন্ধান কৰা মমতা বেনাৰ্জীয়ে বেলেগ এজনক কংগ্ৰেছৰ অধ্যক্ষ হিচাপে বিচাৰিছে। ৰাহুল গান্ধী AICC ৰ অধ্যক্ষ হলে BJP ৰ বাবে আটাইতকৈ সুবিধাজনক। সেয়ে নেহেৰু গান্ধী পৰিয়ালৰ সলনি কংগ্ৰেছৰ অন্য এজন যোগ্য লোকক অধ্যক্ষ পাতিব লাগে বুলি মমতা বেনাৰ্জীয়ে আহ্বান জনাইছে। একেদৰে ভাৰতৰ ৰাজনীতিৰ আধুনিক চাণক্য প্ৰশান্ত কিশোৰেও কংগ্ৰেছৰ ব্যাপক সংস্কাৰ বিচাৰিছে।




