Investigative reporting with dedication.

২ দিনীয়া ভ্ৰমণসূচীৰে জম্মুত উপস্থিত হৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ ৯ আৰু ১০ ছেপ্টেম্বৰৰ জম্মু ভ্ৰমণ সম্পৰ্কে এবিপি নিউজৰ সৈতে বাৰ্তালাপ কৰি জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোলাম আহমেদ মীৰে কয় যে বৃহস্পতিবাৰে জম্মু বিমানবন্দৰত দিল্লীৰ পৰা পোনপটীয়াকৈ অৱতৰণ কৰাৰ পিছত ৰাহুল গান্ধী জম্মুৰ পৰা কাটৰালৈ যাব। ইফালে কংগ্ৰেছ কৰ্মীসকলে জম্মু আৰু কাটৰাৰ মাজত তেওঁক আদৰণি জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাটৰাত উপস্থিত হোৱাৰ পিছত ৰাহুল গান্ধী কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু ৰাজ্যিক কৰ্মকৰ্তা সহিতে মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যাব। দুপৰীয়াৰ ভিতৰত বৈষ্ণো দেৱী মন্দিৰ পোৱাৰ পিছত ৰাহুল গান্ধীয়ে তাত সন্ধিয়াৰ আৰতিত অংশগ্ৰহণ কৰিব আৰু মাতা বৈষ্ণো দেৱী ভৱনত নিশা যাপন কৰিব। গান্ধী শুক্ৰবাৰে ৰাতিপুৱা মাতা বৈষ্ণো দেৱী ভৱনৰ পৰা কাটৰালৈ আহিব আৰু তাৰ পিছত কাটৰাৰ পৰা পোনে পোনে জম্মুলৈ ৰাওনা হ’ব। ৰাহুল গান্ধী জম্মুত উপস্থিত হোৱাৰ লগে লগে দলৰ জ্যেষ্ঠ নেতা আৰু কৰ্মীসকলে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ৰাহুল গান্ধীয়ে শুক্ৰবাৰে নিশা প্ৰায় ১১:৩০ বজাত জম্মুত কংগ্ৰেছ কৰ্মীসকলক সম্বোধন কৰিব।




