গ্ৰেপ্তাৰ হব পাৰে অভিনেতা চলমান খান,অক্ষয় কুমাৰ ৰ লগতে ৩৮ গৰাকী বলিউডৰ নামি দামী তাৰকা

Share This Article

প্ৰায় ২ বছৰ পূৰ্বতে হায়দৰাবাদত সংঘটিত এটা ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে বলিউডৰ ৩৮ গৰাকী তাৰকাৰ বিৰুদ্ধে। ৪ লম্পটে ধৰ্ষণ কৰি জ্বলাই দিছিল এগৰাকী যুৱতীক আৰু ঘটনাক লৈ সৰব হৈ পৰিছিল বলিউডৰ শিল্পী সমাজ। ন্যায় বিচৰাৰ সময়তেই একাংশ বলিউড তাৰকাই চ’চিয়য়েল মেডিয়াত পোষ্ট কৰিছিল আৰু ৰাজহুৱা কৰিছিল ভূক্তভোগী যুৱতী গৰাকীৰ নাম। আৰু এতিয়া নাম ৰাজহুৱা কৰাৰ অপৰাধত দিল্লীৰ চবজি মণ্ডী আৰক্ষী থানাত ৰুজো কৰা হৈছে গোচৰ। অধিবক্তা ‘গৌৰৱ গুলাতিয়ে’ তাৰকা সকলৰ বিৰুদ্ধে ৰুজু কৰিছে এই গোচৰ। ইতিমধ্যে ৩৮ গৰাকী অভিনেতাকেই দিল্লীৰ তীচ হাজাৰী আদালতত হাজিৰ হোৱাৰ বাবে আবেদন দাখিল কৰা হৈছে। বলিউডৰ অনুপম খেৰ, অজয় দেৱগান, ৰাকুলপ্ৰীত, ফাৰহান আখটাৰৰ লগতে ৩৮ জনীয়া তালিকাত নাম আছে বহু কেইগৰাকী দক্ষিণ ভাৰতৰ অভিনেতাৰো।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.