ক’ভিড ৰ পাছত এইবাৰ ‘নিপা ভাইৰাছ’ৰ আতংকই জোকাৰিছে দেশ

Share This Article

সমগ্ৰ বিশ্বতে ক’ভিদৰ বিভীষিকা মাৰ নৌ যাওঁতেই এইবাৰ ভাৰতত নতুন এক ভাইৰাছে ট্ৰাসৰ সৃষ্টি কৰিছে। ক’ৰণাৰ মাজতে আহিছে এইবাৰ নিপা ভাইৰাছৰ আতংক। কেৰেলা আৰু তামিলনাডুৰ বিস্তীৰ্ণ অঞ্চলযুৰি ত্ৰাসৰ সৃষ্টি কৰিছে নীপা ভাইৰাছে। কেৰেলাত বৰ্তমানলৈকে ১১জন লোকৰ দেহত ধৰা পৰিছে আৰু ইতিমধ্যে এজন ব্যক্তিয়ে মৃত্যুবৰণ কৰিব লগীয়া হয়। উদ্বেগজনক খবৰটো হল যে দেওবাৰে নিপাত মৃত্যু হয় এজন ১২ বছৰীয়া কিশোৰৰ। উল্লেখ যে ১৯৯৮ চনত মালয়েছিয়াত উৎপত্তি হৈছিল নিপা ভাইৰাছ আৰু বৰ্তমানলৈকে মালয়েছিয়াত ১০৫ জন লোকৰ মৃত্যু হয়। কিন্তু নিপা ভাইৰাছৰ মৰ্টেলিতি ৰেট যঠেষ্ট বেছি। জন্তুৰ দেহৰ পৰা মানৱ শৰীৰলৈ সংক্ৰমিত হোৱা নিপা ভাইৰাছৰ সংক্ৰমণ অৱশ্যে কোভিডতকৈ কিছু পৰিমাণে কম বুলি জনাইছে চিকিৎসক সকলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.